Wednesday, 20 November 2019

আউসীৰ জোন

আউসীৰ জোন
দ্বাদশ খণ্ড
  প্ৰেমাস্পাদৰ এটি কোমল স্পৰ্শই বুকুত শিহৰণৰ সৃষ্টি কৰে । অঞ্জলীৰ মন মগজুত এক বুজাব নোৱাৰা শিহৰণ জাগিল । অঞ্জলীৰ চকুৰ পানীবোৰ লুকাই থাকিল জয়ন্তৰ হাতৰ মুঠিত । লাহে লাহে গৈ সিহঁত বিশ্বৰ সকলোতকৈ ডাঙৰ নদী দ্বিপ মাজুলী পালেগৈ । ব্ৰহ্মপুত্ৰৰ পাৰৰে বেম্ব ক'টেজ এখনতে থকাৰ ব্যৱস্থা হল সকলোৰে । টুকুৰা টুকুৰি কেইটামান বাঁহৰ সৰু সৰু ঘৰ । এটা ঘৰত চাৰুজনকৈ থকাৰ ব্যৱস্থা হল । তিনিদিনৰ বাবে সেইখনত সিহঁত থাকিব । লোক-সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী ৷ অনবৰেত সত্ৰীয়া গীত-মাত, খোল-তাল, বাঁহীৰ সুৰৰ লগতে অদূৰৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জন-জীৱন মুখিৰত কৰি ৰাখে ৷ গধূলি অকণমান ওলাই গৈ সিহঁত সোনকালে আহি শুই থাকিল । দিনটো দীঘলীয়া যাত্ৰাৰ বাবে ভাগৰো যথেষ্ট লাগিছিল ।
        পিছদিনা শালিকী পুৱাতে উঠি অঞ্জলী জয়ন্ত আৰু লগৰ কেইজনমান ব্ৰহ্মপুত্ৰৰ ফালে আগবাঢ়িল । পুৱতিৰ চেঁচা বতাহ এজাকে চুই গল সিহঁতৰ দেহ , মন , প্ৰাণ সকলো । কুৱলিৰ ডাঠ আৱৰনে ঢাকি আছিল তেতিয়া আকাশৰ বুকু । লৌহিতৰ বুকুত যেন চপৰা চপৰে পৰি আছিল ৰাতিপুৱাৰ শুকুলা দলিচা । হিমবোৰে যেন চুমিছিল লোহিতৰ জলৰাশি । আঁতৰত যোৰ পাতি বহি ৰৈছিল যুৰীয়া হাঁহ কেইহাল মান । ধুনীয়া মনমোহা চাকৈ চকোৱা হাঁহবোৰ সঁচাকৈয়ে চকুত লগা । সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলিও কয়। এইবিধ হাঁহ প্ৰেমৰ প্ৰতিক বুলিও কোৱা হয় । নিশা মতা মাইকী দুয়োটা চৰাই আঁতৰে আঁতৰে থাকি কান্দে আৰু ৰাতিপুৱা দুয়ো লগ হৈ একেলগে থাকে । সূৰ্য্যক চাকৈ চকোৱাৰ বন্ধু বুলিও কোৱা হয় । ইহঁত কমলা-মুগা ৰঙৰ আৰু মুৰটো শেঁতা ৰঙৰ, পাখি দুখিলা বগা আৰু কলা ৰঙৰ হয় । দুটা একেলগে যোৰ বান্ধি থকা প্ৰায় দেখা যায় । এই হাঁহ কেইহালৰ প্ৰেম দেখিলে কোনো মানুহৰে অন্তৰত প্ৰেম নজগাকৈ নাথাকে । ইটোৰ বুকুত সিটোৱে মুৰ সুমুৱাই পাখিবোৰ খুচৰি দিয়ে । সেই দৃশ্য দেখি অঞ্জলী আৰু জয়ন্তৰ মনতো প্ৰেমৰ বুৰবুৰনি উঠিছিল । কিছু সময়ৰ পাছতে কুৱলিৰ আৱৰণ ফালি ৰবিৰ হেঙুলি ৰহণ লোহিতৰ বুকুত পৰিল আৰু জিলিকি উঠিল অলেখ হেঙুলি ঢৌৰ জিলিঙনি ।
              নদীৰ কাষতে কাউৰীৰ এটা জাক আহি খাবলৈ ললে কোনোবাই এৰি যোৱা খাদ্যৰ অৱশিষ্ট । ৰ'দৰ কোমল স্পৰ্শত যেন এঙামুৰি দি সাৰ পাই উঠিছে ধৰাৰ প্ৰতিটো পদাৰ্থ । এজাক মাছমৰীয়া ব্যস্ত হলহি জাল মৰাত । লগত আহিল দুটামান নাঙঠ পাঙঠ লৰা । হাতত এডাল এডাল লেকেচি লৈ খেদি আহিল সিহঁতৰ মাক, আইতাক নাইবা সিহঁতৰ আপোন কোনোবা । পুহৰ সেই কলিজা কঁপোৱা জাৰত তেনেকৈ লৰাকেইটা উদঙে মুদঙে অহা দেখি জয়ন্ত আচৰিত হল । তেতিয়া অঞ্জলীয়ে খিলখিলাই হাঁহি কলে যে এইবোৰেই গাৱৰ জীৱন , শৈশৱৰ ধেমালি । কিমানদেৰী সিহঁত তাত ৰৈ থাকিব এনেদৰে ? এঘণ্টা / দুঘণ্টা নে উৰে জীৱন ! এই মুহূৰ্তত ৰৈ যাব যেন এই ক্ষণ । মিঠা মিঠা লগা এই সুন্দৰ ক্ষণ ।
     সিহঁতৰ লগত অহা বন্ধুবৰ্গ কেতিয়াবাই গৈ বাঁহেৰে নিৰ্মিত সেই খেৰৰ চালৰ ঘৰবোৰত সোমালেগৈ । অঞ্জলী আৰু জয়ন্তক বিচাৰি ৰূপজ্যোতি বাইদেউ আৰু ৰঞ্জন সিহঁত থকা সেইখিনি ঠাই পালেগৈ । ৰূপজ্যোতি বাইদেৱে প্ৰশ্ন কৰিলে
: ইমান সময় তোমালোকে ইয়াত কি কৰি আছা ? ভাল কথা হোৱা নাই কথাবোৰ ।
   সিহঁতৰ ভুল কি !

 আগলৈ…………

   

Tuesday, 19 November 2019

আউসীৰ জোন

আউসীৰ জোন
একাদশ খণ্ড
     কিছু সময়ৰ আগতে দেখা সেই সপোনটো এনেকৈ বাস্তৱত ৰূপান্তৰিত হব বুলি অঞ্জলীয়ে সপোনটো কল্পনা কৰা নাছিল । নিজৰ হাতখনতে চিকুতি চালে এবাৰ । অ এয়া সপোন নহয় বাস্তৱতে জয়ন্ত সিহঁত সোমোৱা হোটেল খনতে আছে । তাই লাজতে ৰঙা পৰিল । লগৰ কেইজনীয়ে অঞ্জলীক জোকাবলৈ ধৰিলে । তাই জানি বুজিয়েই জয়ন্তক হোটেলখনলৈ মতা বুলি সিহঁত মখাই তাইক জোকাই হাৰাশাস্তি কৰিলে । আজি দুদিন ধৰি সিহঁতৰ ভালকৈ কথা পতা হোৱাই নাই । জয়ন্ত ব্যস্ত নিজৰ কামত । এসপ্তাহৰ পিছতে নতুন কোম্পাণীত যোগদান কৰিব সি । মহাৰাষ্ট্ৰৰ কোম্পাণীৰ পৰা সেই সুবিধা পাইছে সি । দৰমহা পাতি সকলো ঠিকেই , থাকিবলৈ ৰুম দিছে , তিনি মাহৰ পিছে পিছে এটা বিদেশ ভ্ৰমণৰ সুবিধা । তথাপি তাৰ যাবলৈ মন নাই । প্ৰিয় মানুহজনক এৰি যোৱাৰ বিৰম্বনা কি সি উপলব্ধি কৰিব পাৰে । তথাপি সিহঁতৰ ভৱিষ্যতৰ সুখ শান্তিৰ
কাৰনে সেইখিনি ত্যাগ সি কৰিব লাগিব । পুৰনি কোম্পাণীৰ বাকী ৰোৱা কিছুমান কামৰ বাবে সি তেজপুৰলৈ আহিছিল চাৰিদিনমান আগতেই । এতিয়া অফিচিয়েল সকলো কাম শেষ কৰি আগৰ কাম ৰিজাইন দি সি মৰিগাঁৱৰ ঘৰলৈ ঘূৰিবলৈ সাজু ।
        হৃদয়ৰ আপোনজনক এনেকৈ হঠাতে কাষতে পাই অঞ্জলীৰ মন চঞ্চলা হৰিণীৰ দৰে নাচি উঠিলে । কব নোৱাৰাকৈ বাগৰি আহিছে ওঠৰ দুটি কোণত হাঁহিৰ বিন্দু বিন্দু ৰেখা । যি জিলিকাই তুলিলে অঞ্জলীৰ মুখত প্ৰভাতি ৰ'দৰ এচেৰেঙা কোমল আভা । জয়ন্তই তাইক এনেকৈ হঠাতে দেখি আচৰিত হৈ চাই থাকিল । অৱশ্যে অঞ্জলীয়ে জয়ন্তক মাজুলী যোৱাৰ কথা কৈছিল । কিন্তু এনেকৈ আচৰিত ধৰনে হোটেল এখনত লগ পাব বুলি ভবা নাছিল ।
      জয়ন্ত যিহেতু সেই একেখন কলেজৰে প্ৰাক্তন ছাত্ৰ আছিল , তাৰোপৰি সি আছিল মেধা ছাত্ৰ । সাংস্কৃতিক শাখাৰ সম্পাদকৰ কালছোৱাত যথেষ্ট ভাল ভাল কাম কৰিছিল সি কলেজৰ হৈ । সকলো অধ্যাপকৰে চিনাকি সি । সকলোৱে ভাল পায় জয়ন্তক । অধ্যাপক দুজনৰ লগতে অধ্যাপিকা ৰূপজ্যোতি ফুকণেও তাক তেওঁলোকৰ লগতে মাজুলীলৈ যাবলৈ লগ ধৰিলে । সি প্ৰথমে অমান্তি হৈছিল যদিও সকলোৰে অনুৰোধত যাাবলৈ মান্তি হল ।
      আপোন মানুহজন যেতিয়া আশে পাশে থাকে হৃদয়ত এক  বিজুলীৰ প্ৰৱাহিত হয় । চকুৱে চকুৱে  ভাৱৰ আদান প্ৰদান হয় । লুকাই থকা মৰমবোৰ উথলি উঠে কলিজাৰ  নিভৃত কোণত । সেইদিনা অঞ্জলী আৰু জয়ন্ত একেখন বাছতে যাত্ৰা কৰিলে যদিও সিহঁতি অচিনাকিৰ দৰেই থাকিল আঁতৰে আঁতৰে । কিছুমান মুহূৰ্তত চিনাকিবোৰো অচিনাকিৰ দৰে হৈ পৰে । সমাজৰ , মানুহৰ লাজত বা ভয়ত অভিনয় কৰিবলগা হয় অচিনাকিৰ দৰে ।
    তেজপুৰৰ পৰা ২:০০ মান বজাত গাড়ীখন আগবাঢ়িল । অঞ্জলী বহা ঠাইৰ ঠিক বিপৰীত ফালৰ পিছফালৰ চিত এটাতে জয়ন্ত বহিল । জয়ন্তই চুৰ চকুৰে অঞ্জলীৰ উজ্বল মুখখনলৈ একেথৰে চাই আছে , অঞ্জলীৰ লগৰবোৰে কাঁহি কাঁহি সিহঁতক জোকাইছে । অঞ্জলী লাজতে ৰঙা পৰিছে । জয়ন্তই ফূৰ্তিতে গীত জুৰিছে । জয়ন্তই ভাল ঢোল আৰু বাঁহী বজাই  । অঞ্জলীৰ লগৰ মৃগাংকই এটা ঢোল , ৰঞ্জনে এযোৰ তাল আৰু বিনয়ে এটা পেঁপা লৈ গৈছিল । গাড়ীখন বিশ্বনাথ চাৰিআলি পাওঁ পাওঁ হওতেই সকলোৰে ভাত ঘুমতি আহিল । টোপনিয়াবলৈ লৈছে দুজন মানে । জয়ন্তই ঢোলত চেও দিলে , ৰঞ্জনে তালযোৰ ললে । এটা ভাল মেহেফিল জমি গল লগে লগে । জানুৱাৰী মাহত নতুন বছৰৰ আগমন হয় । ঢোলৰ মাত ভাল লাগে এই সময়তো । জয়ন্তই যোজনা এটা জুৰিলে
   "ৰেলৰ আলিৰ দুবৰি বন
হাড়ক মাটি কৰি
তেজক পানী কৰি
তোলৈকে ঘটিছো ধন"
    অঞ্জলীৰ দুখ লাগি গল । দেউতাকৰ ইমান বিশাল সম্পত্তি থকাৰ পিছতো জয়ন্তই তাইৰ বাবেই ইমান কষ্ট কৰিবলগা হৈছে । যিয়েই নহওক ; প্ৰেম এনেকুৱাই ।
        সকলোৱে বিহু গীত গায় গায় মাতাল হৈ গৈছে । ছোৱালীহঁতে বহাৰপৰা উঠি নচাত লাগিল । ৰূপজ্যোতি বাইদেউৰ লগতে ৰঞ্জন চাৰহঁতেও অংশগ্ৰহন কৰিলে ।
"মোৰ মামনি বাখৰ ঐ তৰাণী ঐ হাবিলৈ /মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/মোৰ মামনি বাখৰ ঐ তৰা পাতে কাটিব তৰা পাতে কাটিব তোক/
মোৰ মামনি বাখৰ ঐ ডেকা লৰাৰ বিহুলৈ/মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/ মোৰ মামনি বাখৰ ঐ ওলাবযে অমাতৰ ওলাবযে অমাতৰ মাত। "
"ওচৰ চাপি চাপি নাহিবি নাচনী নাহিবি নাচনী /তোৰে গাত মোহিনী আছে চেলেং বাখৰ ঐ /ৰাঙলী মদাৰৰ পাতে চেলেং বাখৰ ঐ/ দিখৌ কপি লগা দলং চেলেং বাখৰ ঐ/ জাজী নৈৰ নিমলা পানী জাজী নৈৰ নিমলা পানী।"
      এনেকৈয়ে গীত গায় গায় নাচি নাচি গধূলি ৫:৩০ বজাত সিহঁতৰ বাছখন গৈ ঢকুৱাখনা সোমালেগৈ ।
   ইমানদিনৰ মুৰত অঞ্জলীয়ে নিজৰ জন্মস্থানখন দেখিছে । এন্ধাৰে মুন্ধাৰে খেপিয়াইছে তাই সোণালী শৈশৱৰ দিনবোৰ । দেউতাকৰ লগত যোৱা সৰিয়হতলিৰ দিনবোৰ । অজানিতে তাইৰ দুচকুত এটি মুকুতা মণি জিলিকি উঠিল । জয়ন্তই লাহেখৈ উঠি গৈ তাই নজনাকৈ চকুপানী দুটোপাল মচি দিলেগৈ ।
       অঞ্জলী চক্ খাই উঠিল ।

আগলৈ……………

আউসীৰ জোন

আউসীৰ জোন
দশম অধ্যায়
   ৰাতিপুৱা ৪:৩০ মান বজাতে বাছখন মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰিলে । সকলো ছাত্ৰ ছাত্ৰী আনন্দত আত্মহাৰা হৈ পৰিছে । ভ্ৰমণ এনে এটি মানসিক ঔষধ যে বিষাদবোৰ ধুই চাফা কৰি দিয়ে হৃদয়খন । ফুৰি সকলো মানুহেই ভাল পাই । আজি বহু দিনৰ মুৰত অঞ্জলীৰ মুখত হাঁহি বিৰিঙিছে । দেউতাক আৰু বায়েকৰ মৃত্যুৰ পাছৰে পৰা তাই যেন হাঁহিবলৈ পাহৰিয়েই গৈছিল ।
       খানাপাৰা হৈ বাছখন যোৰাবাট সোমাইছে । সকলো ছাত্ৰ ছাত্ৰী আনন্দত আত্মহাৰা হৈ পৰিল । অকোঁৱা পকোৱা ৰাষ্টাৰ আমোদ সকলোৱে ললে । জানুৱাৰী মাহৰ সেই চেঁচা ৰাতিপুৱাটো সঁচাকৈয়ে বৰ আপোন পাহৰা আছিল । ৰ'দৰ এচেৰেঙা কোমল পৰশে অঞ্জলীৰ চকুযুৰি জপাই নিলে । তাই সপোন দেখিবলৈ ধৰিলে
: এজাক বতাহ , বতাহৰ সৈতে ধেমালি কৰা তাইৰ দীঘল চুলিতাৰি , এখন উন্মুক্ত আকাশ আৰু আকাশৰ তলতে এখন সেউজীয়া পথাৰ । সেই সেউজীয়াৰ আৱৰন ফালি এটা শুকুলা ঘোঁৰাত উঠি আহিছে এজন ৰাজকুমাৰ সদৃশ যুৱক । পিন্ধনত বগা চকু চাত মাৰি ধৰা পোচাক । অঞ্জলীয়ে চকুত হাত থৈ আঁৰ চকুৰে চাই দেখিলে , সেইজন আন কোনো নহয় জয়ন্ত । জয়ন্ত আহিয়েই ঘোঁৰাৰপৰা নামি অঞ্জলীৰ তৃষ্ণাতুৰ ওঠযুৰিত আঁকি দিলে এটি চুমাৰ পৰশ । অঞ্জলী একেজাপে সাৰ পালে । লাজ লাজ হাঁহি এটি বিৰিঙি আহিল কব নোৱাৰাকৈয়ে ওঠৰ চুকেদি ।
     সকলো ছাত্ৰ ছাত্ৰী তেতিয়া গানৰ তালে তালে নচাত ব্যস্ত । অধ্যাপক ৰঞ্জন গগৈয়ে এটা প্ৰস্তাৱ আগবঢ়ালে যে সকলো ছাত্ৰ ছাত্ৰীয়ে এটি এটি গীত নাইবা কবিতা শুনাব লাগিব । সকলো আনন্দত জপিয়াই উঠিল । প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এটি এটি গীত নাইবা কবিতা শুনালে । অঞ্জলীৰ পাল পৰিলত তাই এটি স্ব ৰচিত কবিতা শুনালে
:          সপোন
দুচকুত ভাহি অহা অযুত সপোন এতিয়া
উৱলি গৈছে বুকুৰ গভীৰতাত ।

তুমি আঁতৰি যোৱাৰে পৰা
      দেউতা !
হাতত ধৰি ধৰি
 খোজ কাঢ়িবলৈ শিকোৱা দিনবোৰৰ
 স্মৃতিয়ে মোক কন্দুৱাই ।
মজিয়াত তোমাৰ পিঠিত উঠি
 খেলা হাতী ভালুকৰ খেলবোৰে
 মোক তোমাৰ কাষলৈ লৈ যায়
 বাৰে বাৰে !
মোৰ সপোনত কিয় কেনা লাগিল কিয় !
‌আধাৰুৱা কবিতাটি গাই তাই উচুপি উঠিল । সকলোৱে তাইক বুজালে সকাহ দিলে । তেজপুৰ আহি পোৱালৈ দুপৰীয়া হল । সকলোৱে হোতেলত খোৱাৰ বাবে সোমাল । হোতেলত সোমায়ে অঞ্জলীৰ চকু কপালত উঠিল । তাইৰ সন্মুখত জয়ন্ত , বগা চাৰ্ট পিন্ধি আছে । সেই সপোনৰ ৰাজকুমাৰ হঠাতে তাইৰ চকুৰ আগত ।

‌আগলৈ ……………

Friday, 15 November 2019

আউসীৰ জোন

আউসীৰ জোনৰ দ্বিতীয় অধ্যায়
নৱম খণ্ড
     গুৱাহাটীলৈ আহি অঞ্জলীয়ে এটা ভাড়া ৰুম লোৱাৰ কথা ভাবিলে । পিছদিনা ৰাতিপুৱা চাহ খোৱাৰ সময়ত মোমায়েক মামীয়েকক অঞ্জলীয়ে জনালে যে মাক আৰু তাই ভাড়া ঘৰ এটাতে থাকিব । আগৰ কথা বেলেগ আছিল , তাই অকলে আছিল । এতিয়া মাকৰ সৈতে থাকিলে অসুবিধাও পাব পাৰে । তাতে গুৱাহাটী যেন ঠাই এডুখৰত দুজনী মানুহ পোহা সাধাৰণ কথা নহয় ।পেঞ্চনৰ টকাকেইটাৰে দুজনী মানুহ ধুনীয়াকৈ চলিব পাৰিব ভাড়া ঘৰ এটা ললে । মোমায়েক মামীয়েকে তাইৰ কথাত বৰ দুখ পালে । তাইক আৰু মাকক তাতে থাকিবলৈ অনুৰোধ কৰিলে । আপোনবোৰ সদায়ে আপোন । এনে এটি পৰিস্থিতিত কোনো আত্মীয় মানুহে অকলশৰে এৰিব নোৱাৰে । মোমায়েক মামীয়েকৰ অনুৰোধ ৰক্ষা কৰি সিহত দুজনী তাতে থাকিবলৈ থিৰাং কৰিলে ।
     অঞ্জলীৰ কলেজ আৰম্ভ হ'ল পুনৰ । তাইৰ আগৰ দৰে কলেজৰ দিনবোৰ ভাল নলগা হল । ফাইনেল ইয়েৰ পৰীক্ষা দি জয়ন্ত কলেজৰ পৰা ওলাল । সি নতুনকৈ কোম্পাণী এটাত জুনিয়ৰ মেনেজাৰৰ কামত সোমাইছে, গুৱাহাটী ব্ৰাঞ্চতে । মাজে মাজে অঞ্জলীক লগ ধৰি থাকে সি । ভালপোৱাবোৰ ব্যস্ততাই শেষ কৰিব নোৱাৰে । তথাপি অভিযোগ কিছুমান থাকে । দিনটোৰ ব্যস্ততাৰ শেষত যেতিয়া গধূলি সিহতে ফোনত কথা পাতে, অঞ্জলীৰ মুখখন এমোকোৰা অভিযোগ অভিমানে ভৰি পৰে । জয়ন্তই তাইক বুজাই যে এই কামটো সি তাইৰ বাবেই কৰিছে । তাই বি:এ: ফাইনেল দিয়াৰ পাছতে সি তাইক লৈ এখন সুন্দৰ আলয় সাজিব । য'ত থাকিব অসীম আকাশৰ দৰে সীমাহীণ মৰম আৰু বিশাল সাগৰৰ দৰে সুবিশাল এসাগৰ ভালপোৱা ।

      অঞ্জলীৰ ফাষ্ট ইয়েৰৰ ৰিজাল্ট ওলাল যদিও সিমান ভাল ফলাফল নহল । যেনেতেনে ৬৩ শতাংশ নম্বৰ লৈ পাছ কৰিলে । যি পৰিস্থিতিত তাই পৰীক্ষাত বহিছিল সেই পৰিস্থিতিত ৬৩ শতাংশ খুবেই ভাল বুলিব লাগিব । মাজে মাজে গাঁৱৰ ঘৰলৈ বন্ধ পৰিলে মাক জীয়েক গৈ এদিন দুদিন থাকি আহে । ৰতনো মাজে মাজে আহি বাৰীৰে নেমু , জৰা , জিকা , তিয়হকে আদি কৰি চাউল চিৰা দি থৈ যায়হি । ৰতন অঞ্জলীৰ গাৱৰে লৰা । ৰতন অঞ্জলীতকৈ কেইবছৰমান ডাঙৰ হব । একেলগে খেলা-ধূলা, ফুৰা-চকা কৰিছিল বাল্যকালত । সিয়ে এতিয়া সিহতৰ গাৱৰ ঘৰখন চাই আছে । ৰতনৰ লগত অঞ্জলী বৰ ভাল । মাকে ৰতনৰ লগতে অঞ্জলীক বিয়া দিয়াৰ কথা মনে মনে ভাবি আছে । ওচৰৰে  লৰা ৰতন , তাৰোপৰি ঘৰখনৰ দায়িত্ব বুজি পাই সি । মাক আৰু এজনী ভণীয়েকৰ লগত ৰতন থাকে ।
     অঞ্জলীয়ে মাকক কোনো দিন কোৱা নাই যে তাই আৰু জয়ন্তই ইতোৱে সিতোক ভাল পায় । মাকেও তাইক এই বিষয়ে প্ৰশ্ন কৰা নাই । মাকে ভাবিছে যে সিহত একেলগে কলেজত পঢ়িছে যেতিয়া ভাল লগৰ হব । অঞ্জলীৰ কলেজৰ পৰা কেইজনমান  ছাত্ৰ ছাত্ৰীক ভ্ৰমণৰ বাবে নদীদ্বিপ মাজুলিলৈ নিব । সেই নামত তালিকাত তাইৰ নামো আছে । ঢকুৱাখনাৰ পৰা মাজুলীৰ দুৰত্ব বৰ বেছি নহয় যদিও অঞ্জলী তালৈ যোৱাৰ সুবিধা কোনো দিন মিলা নাছিল । এই চেগতে তালৈ যোৱাৰ সুবিধা পোৱাত তাই বৰ ভাল পালে । বহু দিনৰ মুৰত তাই অন্তৰৰ পৰা এটি প্ৰশান্তিৰ নিশ্বাস এৰিলে ।
     মাজুলীলে যাত্ৰা………………

আগলৈ………

আউসীৰ জোন

আউসীৰ জোন
অষ্টম খণ্ড
        অঞ্জলী আৰু মাকৰ গগন ফলা চিঞৰত ওচৰ চুবুৰীয়া বহুতো মানুহ থুপ খালেহি সিহতৰ ঘৰৰ পিছফালে । দুটামান লৰাই পুখুৰীত জপিয়াই অঞ্জলীৰ বায়েকক পানীৰ পৰা তুলি আনিলে । হয়তো আগবেলাৰ পৰাই বায়েক পানীত পৰি আছিল । শৰীৰটো একেবাৰে বৰফৰ দৰে চেঁচা পৰি গ'ল । চকু দুটা মাৰ্ৱল গুটিৰ দৰে ডাঙৰ ডাঙৰকৈ মেল খাই আছে । গাৰ কাপোৰখনেৰে হাত আৰু ডিঙিত মেৰ খাই পৰিল । হয়তো পানীৰ পৰা উঠিবলৈ যত্ন কৰিছিল তাই । পেতটো ফুলি বেলুনৰ দৰে হৈ পৰিল । অঞ্জলী আৰু মাকে ইমান মাত দিয়াৰ পাছতো বায়েকৰ পৰা কোনো সহাৰি নাপালে ।
   চকুৰ আগতেই এদিন দেউতাক আৰু আজি বায়েকজনীও হেৰাই গল এই পৃথিবীৰ বুকুৰ পৰা । আপোন মানুহবোৰ যেতিয়া নাইকিয়া হৈ যায় , স্মৃতিৰ ধূষৰ ছাঁ বোৰে বৰকৈ আমনি কৰে । দেউতাকৰ মৃত্যুৰ ঘটনাটো হৈ যোৱা আজি ছমাহেই হোৱা নাছিল , আকৌ বায়েকৰ মৃত্যুত অঞ্জলী একেবাৰে ভাগি পৰিল । নিয়তিৰ ৰাম টাঙোনৰ কোব খাই তাই একেবাৰে কোঙা হৈ পৰিল । একমাত্ৰ মাকজনীৰ বাবেই তাই সাহসী হৈ আছিল । পৃথিৱীৰ সমস্ত দুখবোৰ কিয় তাইৰ জীৱনতে জাপি দিছে ভগবানে ! আক্ষেপ কৰিবলৈও কোনো নাই । নিজৰ ভাগ্যকে দোষাৰূপ কৰাৰ বাহিৰে শান্তনা লবলৈ কোনো সমল নাথাকে এনেকুৱা কিছুমান পৰিস্থিতিত ।
      দুখে শোকে জৰ্জৰিত হৈ অঞ্জলীৰ উজ্বল মুখখন শেতা পৰি কেঁহাৰাজ বৰণীয়া হৈ পৰিল । চকুৰ গুৰিত কলা দাগ বহিল । তিৰবিৰ কৰি থকা চকুহাল পোতা পুখুৰী সদৃশ হৈ পৰিল । পৰীক্ষাৰ পিছৰ বন্ধৰ দিন সমাপ্ত হবলৈ দুটা দিন বাকী আছে । মাকক লৈ যাব এইবাৰ তাই গুৱাহাটীলৈ ; অকলশৰে থাকিবলৈ নিদিয়ে । কিন্তু মাক যাবলৈ অমান্তি হ'ল । সম্পৰ্কীয় ককায়েক এজনৰ  ঘৰত এনেকৈ মাক জীয়েক দুয়োজনী থকাতো আত্মসন্মানত আঘাত লগা কথা । হায়াৰ চেকাণ্ডেৰীত ভাল নম্বৰ লৈ পাছ কৰা অঞ্জলীৰ গুৱাহাটীত পঢ়িবলৈ মন থকা বুলি কওঁতে অঞ্জলীৰ দেউতাকে ওচৰতে পঢ়িবলৈ কৈছিল । গুৱাহাটী যেন ঠাই এখনত অকলশৰে এৰিবলৈ মন কৰা নাছিল দেউতাকে । কিন্তু সম্পৰ্কীয় মোমায়েক আৰু মামীয়েকে তাইক লগতে ৰাখি পঢ়ুৱাবলৈ দায়িত্ব ললে । মোমায়েক মামীয়েকৰ লৰা ছোৱালী নাই । মোমায়েকৰ এখন নামি ৰেষ্টুৰা আছে গুৱাহাটীত আৰু মামীয়েকে এখন পাৰ্লাৰ চলাই । তাই তাতে থাকি পঢ়িবলৈ ঠিৰাং কৰিছিল আৰু থাকিছিলো । কিন্তু এই মুহূৰ্তত মাক আৰু তাই দুয়োজনী থকাতো ভাল কথা নহব ।  কি কৰিব কি নকৰিব ভাবি পাৰ নাপালে  অঞ্জলীয়ে ।
    ওচৰৰে লৰা এটাক ঘৰৰ সমস্ত দায়িত্ব দি পিছদিনা অঞ্জলী আৰু মাক গুৱাহাটীলৈ বুলি ওলাল ।

 আগলৈ ………

আউসীৰ জোন

আউসীৰ জোন
সপ্তম খণ্ড
     অঞ্জলীৰ ঘৰৰপৰা জয়ন্ত অহাৰ তিনিদিনৰ পাছতে অঞ্জলীৰ দেউতাক ঢুকাল । অঞ্জলীৰ ফোন পাই জয়ন্তই কি কৰিম কি নকৰিম একো ধৰিব নোৱাৰিলে । সি ফোনতে তাইক সাহস দিলে ।
: তুমি ভাগি নপৰিবা অনু । এই সময়ত তুমিয়েই ধৈৰ্য্য ধৰিব লাগিব । তুমি যদি ভাগি পৰা ; মা , বাইদেউক কোনে চম্ভালিব । তুমি সাহসী ছোৱালী । সকলোকে তুমিয়েই সাহস দিব লাগিব । মই গৈ আছো সোনকালেই ।
: মই নোৱাৰিম জয় । মই নোৱাৰিম । মই সাহসী নহয় ।আজিৰ এই মুহূৰ্তত মই একেবাৰে সাহসী নহয় ।পৃথিৱীৰ একমাত্ৰ দুৰ্বল ছোৱালী এই মুহূৰ্তত ময়েই ।
   বেছি কথা নাপাতি অঞ্জলীয়ে ফোন ৰাখিলে । তাইৰ মনৰ অৱস্থা জয়ন্তই বুজি পালে । পিতৃৰ ছাঁ যেতিয়া মুৰৰ পৰা আঁতৰি যায় চাৰিওফালে অন্ধকাৰ হৈ পৰে । বেলি যেতিয়া ডুব যায় পৃথিৱীখন এন্ধাৰে গ্ৰাহ কৰে । এই মুহূৰ্তত অঞ্জলিকো শোকে , দুখে , বেদনাই একেলগে গ্ৰাহ কৰিছে ।  তাই অকলশৰীয়া ছোৱালীজনীয়ে মাকক চম্ভালিব নে বায়েকক বুজাব ।
       তিনি দিনমানৰ পিছত জয়ন্ত লগৰ দুটাৰ সৈতে অঞ্জলীৰ ঘৰলৈ গল । অঞ্জলীয়ে তাক দেখিয়েই দৌৰি আহি সাৱটি ধৰি উচুপি উঠিল । নিজকে শক্তিশালী বুলি দেখাই থকা অঞ্জলী আজি জয়ন্তৰ বুকুত কুৰুকি কুৰুকি সোমাই ফেকুৰি ফেকুৰি কান্দিছে । উটুৱাই দিছে বেদনাবোৰ দুচকুৰে । অশ্ৰু সঁচাকৈয়ে বৰ আচৰিত পদাৰ্থ ! অন্তৰৰ গভীৰতাত সোমাই থকা দুখ বেদনাবোৰ ধুৱাই নিয়ে ।
     আপোনজনৰ সান্নিধ্য সঁচাকৈয়ে বৰ ৰহস্যজনক । যি অঞ্জলীয়ে আজি এই মুহূৰ্তলৈকে নিজকে সাহসী বুলি প্ৰতিষ্ঠা কৰি আছিল , জয়ন্তৰ সান্নিধ্যই সকলো মিছা জাল ভাঙি দিলে । মনৰ শোকবোৰ ওলাই পৰিল ।
     মানুহৰ আগতেই অঞ্জলীয়ে জয়ন্তক তেনেকৈ বহুত পৰ সাৱটি ধৰি উচুপি থকাত গাঁৱৰ মানুহবোৰে বু-বু-বা-বা কথা পাতিবলৈ ধৰিলে । জয়ন্তই পৰিস্থিতি শান্ত কৰিবলৈয়ে তাইক বহুৱাই বুজনি দিয়াত লাগিল । তাই শান্ত হৈ ফেকুৰি ফেকুৰিয়েই
বহিল । জয়ন্ত আৰু লগৰ দুটা সেইদিনা সিহতৰ ঘৰত থাকি , পিছদিনা উভতিল ।
     অঞ্জলীৰ পৰীক্ষালৈও বেছি দিন নাই । মাজত মাত্ৰ দহ বাৰদিন বাকী । ঘৰখন অলপ শান্ত কৰি তাই পুনৰ মনত এসোপামান চিন্তাৰ টোপোলা লৈ কলেজলৈ আহিল । পঢ়াৰ লগত আজি এমাহমান কোনো সম্পৰ্ক নাইকিয়াৰ দৰেই হল । যেনেতেনে পৰীক্ষাটো দিছে তাই । ইফালে জয়ন্তৰ শেষৰ বছৰ কলেজত । তাৰো পৰীক্ষা আৰম্ভ হৈছে একেলগে । পৰীক্ষাৰ মাজত দুয়োটাই এবাৰো লগ নকৰিলে । ফোনত দুদিন এদিন কথা বতৰা হল । পৰীক্ষাকেইটা যেনেতেনে শেষ কৰি অঞ্জলী ঘৰলৈ উভতিল ।
ঘৰৰ অৱস্থা লাহে লাহে বেয়াৰ ফালে ঢাল খাইছে । পেঞ্চনৰ কামত ঘূৰিবলৈ মাকৰ আজৰি নাই । ঘৰত আকৰি ছোৱালীজনীক এৰি মাকজনী যাওঁ বুলিও যাব নোৱাৰে । অঞ্জলী কলেজৰ পৰা আহিয়েই , মাকৰ লগত অফিচিয়েল কামবোৰৰ বাবে দিনৰ দিনটো ইফালৰ পৰা সিফাললৈ অফিচে অফিচে তলৌ তলৌকে ভ্ৰমি ফুৰিলে । বহুদিনৰ অপেক্ষাৰ পাছত পেঞ্চনৰ কামটো হলগৈ ।
    এদিন অঞ্জলী আৰু মাক অফিচৰ কামতে সন্ধিয়া বহু দেৰীলৈকে বাহিৰত থাকিবলগা হল  ঘৰলৈ আহি বায়েকক বিচাৰি গোতেই ঘৰখন চালাথ কৰিও কোনো সুংসূত্ৰ পোৱা নাই । মাক আৰু অঞ্জলীয়ে বিচাৰি বিচাৰি অৱশেষত পাছফালৰ পুখুৰীত পৰি থকা বায়েকক পালেগৈ ।


আগলৈ ………

আউসীৰ জোন


আউসীৰ জোন
ষষ্ঠ খণ্ড

   :তুমি হৰ্থাতে মোৰ ঘৰত ! আৰু আমাৰ ঘৰৰ ঠিকনাটো কেনেকৈ জানিলা ?
:তোমাক কলেজত নেদেখি চিন্তা হৈছিল । তোমাৰ লগৰ দুজনীক সুধি তোমাৰ ঠিকনা ললো । সিহতেই কলে যে তোমাৰ দেউতাৰ গা বেয়া । তেখেত এতিয়া কেনে আছে ?
:দেউতাৰ গা একেবাৰে বেয়া জয় । মই একেবাৰে ভাগি পৰিছো মাৰ অৱস্থা দেখি । দেউতাতকৈ মাক চাবলৈহে মোৰ বেয়া লাগিছে । চিন্তাত মানুহজনীৰ অৱস্থা বেয়া হৈ গৈছে । তুমি আহিলা ভালেই হল মই অকণমান সকাহ পাম ।
 
      অঞ্জলীৰ অজানিতে মনটো বেয়া লাগি গল । মাক দেউতাকে বৰ কষ্টৰে সিহতক ডাঙৰ দীঘল কৰিছে । দেউতাকে এখন ভেনচাৰ স্কুলত শিক্ষকৰ্তা কৰিছিল । স্কুলখন চৰকাৰী বহুত পলমকৈ হৈছিল । সেই সময়খিনিত মাকে মুগাৰ কাপোৰৰ ব্যৱসায় কৰিছিল , দেউতাকে স্কুলৰ লগতে গাহৰি পুহিছিল । এনেকৈয়ে সিহতক কোনো কষ্ট নোহোৱাকৈ ৰাখিছিল ।
      বায়েকজনী তেনেকুৱা হোৱাৰ বাবে সমস্ত দায়ীত্ব অঞ্জলীৰ ওপৰতেই । এতিয়া যদি দেউতাকৰ কিবা এটা হয় , মাক আৰু আকৰি বায়েকজনী কেনেকৈ থাকিব । তাই আৰু দুবছৰ আছেই কলেজ শেষ হবলৈ । জয়ন্তক লৈ গৈ সকলোৰে লগত চিনাকি কৰাই দিলেগৈ । জয়ন্ত সুদূৰ মৰিগাঁৱৰ পৰা গৈছে তাইৰ খবৰ লবলৈ । সঁচাকৈয়ে দুৰত্ব কেতিয়াও প্ৰেমৰ হেঙাৰ হব নোৱাৰে ।
    সকলোৰে অনুৰুধত সেইদিনা জয়ন্ত অঞ্জলী হঁতৰ ঘৰত থাকিল । পিছদিনা সি উভতিল । সি অঞ্জলীক কোনো চিন্তা নকৰিবলৈ কলে ।
: সকলো মুহূৰ্ততে মই তোমাৰ লগত আছো । এইটো ফোন লোৱা । চিম কাৰ্ড লগোৱা আছে । মোৰ নম্বৰ চেভ আছে কিবা অসুবিধা হলেই ফোন কৰিবা ।
সি তাইক এটা ফোন দিলে । তাই লবলৈ অমান্তি হৈছিল যদিও শেষত লবলৈ বাধ্য হল ।
      জয়ন্ত নিজৰ ঘৰলৈ ঘূৰি আহিল । তাৰ ঘৰত হুলস্থূল । জয়ন্তৰ লগৰ এটালৈ ফোন কৰি দেউতাকে জয়ন্ত অঞ্জলীৰ ঘৰলৈ যোৱা কথাটো গম পালে । ঘৰ গৰম হৈ আছে । দেউতাকে তাক কলে
: এটা বাহ্মণৰ লৰা হৈ এজনী মিচিং ছোৱালীৰ লগত তোৰ কিহৰ ইমান হলি-গলি । বংশৰ নাম ডুবাবলৈ আহিলি কুলাঙ্গাৰ ।
জয়ন্তই একো উত্তৰ নিদিলৈ ।সি নুশুনাৰ ভাও ধৰি ঘৰৰ পৰা উলাই গল ।
       :দেউতা আৰু নাই জয় । মোৰ কি হব এতিয়া । মই কি কৰিম ?
অঞ্জলীৰ ফোন ……………

আগলৈ………