আউসীৰ জোন
তৃতীয় খণ্ড
পিছদিনা অঞ্জলী কলেজলৈ নগল, ঘৰতে থাকিল । জয়ন্তই তাইক কলেজত বিচাৰি ফুৰিলে । তাৰ অপৰাধী অপৰাধী অনুভৱ হল । তাৰ পিছদিনা অঞ্জলী কলেজ আহিল । আজি তাই কাকো একো নুসুধিলে নিজে নিজে ক্লাছৰুম বিচাৰি ললে । প্ৰথম দুটা ক্লাছ শেষ কৰি অঞ্জলী খাবলৈ বুলি কেণ্টিনলৈ গল । যিহেতু কলেজৰ প্ৰথম দুটা দিন হৈছেহে , কোনো এনেকুৱা ভাল বান্ধবী হোৱা নাই যাৰ সৈতে সময় অতিবাহিত কৰিব পাৰি । সেয়েহে তাই অকলশৰেই আছে ।
জয়ন্তৰ আগদিনাৰে পৰা তাইক বিচাৰি বিচাৰি অৱস্থা বেয়া হৈ গৈছে । অৱশেষত তাইক দেখি মনত অলপ সকাহ পালে । বুকুত সাহস বান্ধি সি তাইৰ ওচৰলৈ আহিলে আৰু লগতে বহিবলৈ অনুমতি বিচাৰিলে । অঞ্জলীয়ে সন্মতি দিয়াত জয়ন্ত তাইৰ লগতে বহিল । সি পুনৰ তাইক ক্ষমা বিচাৰিলে । তাই জনালে যে তাই সেইবোৰ কথা ধৰি থকা নাই । পুনৰ কোনো ছোৱালীৰ লগত এনেকুৱা ধেমালি নকৰিবলৈ অনুৰুধ কৰিলে ।
সিহতে তেতিয়ালৈকে ইজনে সিজনৰ নামেই জনা নাছিল । জয়ন্তই চিনাকি দিলে : মই জয়ন্ত শৰ্মা । মৰিগাৱৰ। তোমাৰ নামটো জনাবা নেকি যদি বেয়া নোপোৱা ।
: মই অঞ্জলী । অঞ্জলী পেগু । মোৰ ঘৰ লখিমপুৰৰ ঢকুৱাখনাত । ইয়াত মামা ঘৰত থাকি পঢ়িছো ।
: বাঃ ইমান সুন্দৰ ঠাইত তোমাৰ ঘৰ । ফাট বিহু তোমালোকৰ তাতে নহয় জানো ? মোৰ যাবলৈ বৰ মন আছে । কেতিয়াবা সুবিধা মিলিলে যাব লাগিব ।
: নিশ্চয় যাব কেতিয়াবা । ভাল লাগে বহুতেই । বহুতো আঁতৰৰ মানুহৰ সমাগম হয় ফাট বিহুত । ফাটবিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ ‘ফাট’ ম’হঘূলি চাপৰিত ষোল্ল শতিকাৰ পৰাই অনুষ্ঠিত হৈ অহা বিহু । ফাটবিহু; নাম শুনিলেই যেন আমাৰ ঢকুৱাখনীয়াৰ মুখত হাঁহি বিৰিঙি উঠে ; আনন্দৰ জোৱাৰ উঠে মনত ।
: তোমাৰ মুখত ফাট বিহু আৰু ঢকুৱাখনাৰ কথা শুনি মোৰ আজিয়েই যাবলৈ মন গৈছে । মই শুনিছো তোমালোকৰ সেইফালৰ বাসুদেৱ থানৰ কথা । আৰু খৰালি পথাৰৰ হালধীয়া সৰিয়হ ফুলৰ দলিচাৰ কথা । কেতিয়াবা তোমাৰ লগতে যাম । নিবানে মোক ?
: কিয় নিনিম নিম । ওলাব এইবাৰ ফাট বিহুতে ।
এনেকৈয়ে অচিনাকীবোৰ চিনাকি হয় । বেয়া লগাবোৰো ভাললগা হয় লাহে লাহে । দুদিন আগতে যি ঘটনা হৈছিল , কোনে কব পাৰিছিল যে আজি সিহতে ইমান সহজভাবে কথা পাতিব বুলি । প্ৰায় এক ডেৰঘণ্টা সময় সিহত কেণ্টিনতে থাকিল । অঞ্জলী নিজৰ ক্লাছলৈ বুলি আহিল । মনত থকা আক্ষেপবোৰ কথাৰ মাজতে উটি গল ।
কলেজীয়া দিনবোৰ আজিকালি অঞ্জলীৰ ভাল লগা হল । জয়ন্তৰ লগতে দুজনীমান ভাল বান্ধৱীও হল । কলেজৰ ফ্ৰেচাৰ্ছৰ প্ৰস্তুতি বৰ সুন্দৰকৈ চলিছে । নতুনকৈ অহা মিচিং ছাত্ৰ ছাত্ৰী সকলে মিলি গুমৰাগ নচাৰ কথা পাতিছে ।
এইকেইদিন ক্লাছবোৰ ভালকৈ হোৱা নাই , সকলো ফ্ৰেচাৰ্ছৰ প্ৰস্তুতিত ব্যস্ত ।
ফ্ৰেচাৰ্ছৰ দিনা অঞ্জলীয়ে পৰম্পৰাগত মিচিং সাজপাৰ পিন্ধি আহিলে । কঁকালত ৰঙা এগে (মেখেলা)পিন্ধি বুকুত বগা মেঠনি মাৰিলে । গাত ৰঙা গালুগ (চোলা) পৰিধান কৰিলে। মেখেলাৰ ওপৰত এখন বাছকবনীয়া ৰঙা চাদৰ মেৰাই ললে । ৰঙীন ঊন সূতাৰে তৈয়াৰী ফুল দুমপ্ন আৰু লাক্পুন ব্যৱহাৰ কৰিলে (কানফুলি) ।
অঞ্জলীক দেখি সেইদিনা বহুতৰে বুকুত অজানিতেই অচিনাকী সুৰ এটাই গুণগুনাইছিল । ঢকঢককৈ বগা মুখখন, সৰু সৰু এহাল চকু , চুটি গোল নাকটো । সঁচাকৈয়ে তাই হৈ পৰিছিল সেইদিনা অপ্সৰা সদৃশ । জয়ন্তই তাইক দেখি মাথো মুখ মেলি ভেবা লাগি চাই থাকিল ।
আগলৈ…………………

No comments:
Post a Comment