আউসীৰ জোন
একাদশ খণ্ড
কিছু সময়ৰ আগতে দেখা সেই সপোনটো এনেকৈ বাস্তৱত ৰূপান্তৰিত হব বুলি অঞ্জলীয়ে সপোনটো কল্পনা কৰা নাছিল । নিজৰ হাতখনতে চিকুতি চালে এবাৰ । অ এয়া সপোন নহয় বাস্তৱতে জয়ন্ত সিহঁত সোমোৱা হোটেল খনতে আছে । তাই লাজতে ৰঙা পৰিল । লগৰ কেইজনীয়ে অঞ্জলীক জোকাবলৈ ধৰিলে । তাই জানি বুজিয়েই জয়ন্তক হোটেলখনলৈ মতা বুলি সিহঁত মখাই তাইক জোকাই হাৰাশাস্তি কৰিলে । আজি দুদিন ধৰি সিহঁতৰ ভালকৈ কথা পতা হোৱাই নাই । জয়ন্ত ব্যস্ত নিজৰ কামত । এসপ্তাহৰ পিছতে নতুন কোম্পাণীত যোগদান কৰিব সি । মহাৰাষ্ট্ৰৰ কোম্পাণীৰ পৰা সেই সুবিধা পাইছে সি । দৰমহা পাতি সকলো ঠিকেই , থাকিবলৈ ৰুম দিছে , তিনি মাহৰ পিছে পিছে এটা বিদেশ ভ্ৰমণৰ সুবিধা । তথাপি তাৰ যাবলৈ মন নাই । প্ৰিয় মানুহজনক এৰি যোৱাৰ বিৰম্বনা কি সি উপলব্ধি কৰিব পাৰে । তথাপি সিহঁতৰ ভৱিষ্যতৰ সুখ শান্তিৰ
কাৰনে সেইখিনি ত্যাগ সি কৰিব লাগিব । পুৰনি কোম্পাণীৰ বাকী ৰোৱা কিছুমান কামৰ বাবে সি তেজপুৰলৈ আহিছিল চাৰিদিনমান আগতেই । এতিয়া অফিচিয়েল সকলো কাম শেষ কৰি আগৰ কাম ৰিজাইন দি সি মৰিগাঁৱৰ ঘৰলৈ ঘূৰিবলৈ সাজু ।
হৃদয়ৰ আপোনজনক এনেকৈ হঠাতে কাষতে পাই অঞ্জলীৰ মন চঞ্চলা হৰিণীৰ দৰে নাচি উঠিলে । কব নোৱাৰাকৈ বাগৰি আহিছে ওঠৰ দুটি কোণত হাঁহিৰ বিন্দু বিন্দু ৰেখা । যি জিলিকাই তুলিলে অঞ্জলীৰ মুখত প্ৰভাতি ৰ'দৰ এচেৰেঙা কোমল আভা । জয়ন্তই তাইক এনেকৈ হঠাতে দেখি আচৰিত হৈ চাই থাকিল । অৱশ্যে অঞ্জলীয়ে জয়ন্তক মাজুলী যোৱাৰ কথা কৈছিল । কিন্তু এনেকৈ আচৰিত ধৰনে হোটেল এখনত লগ পাব বুলি ভবা নাছিল ।
জয়ন্ত যিহেতু সেই একেখন কলেজৰে প্ৰাক্তন ছাত্ৰ আছিল , তাৰোপৰি সি আছিল মেধা ছাত্ৰ । সাংস্কৃতিক শাখাৰ সম্পাদকৰ কালছোৱাত যথেষ্ট ভাল ভাল কাম কৰিছিল সি কলেজৰ হৈ । সকলো অধ্যাপকৰে চিনাকি সি । সকলোৱে ভাল পায় জয়ন্তক । অধ্যাপক দুজনৰ লগতে অধ্যাপিকা ৰূপজ্যোতি ফুকণেও তাক তেওঁলোকৰ লগতে মাজুলীলৈ যাবলৈ লগ ধৰিলে । সি প্ৰথমে অমান্তি হৈছিল যদিও সকলোৰে অনুৰোধত যাাবলৈ মান্তি হল ।
আপোন মানুহজন যেতিয়া আশে পাশে থাকে হৃদয়ত এক বিজুলীৰ প্ৰৱাহিত হয় । চকুৱে চকুৱে ভাৱৰ আদান প্ৰদান হয় । লুকাই থকা মৰমবোৰ উথলি উঠে কলিজাৰ নিভৃত কোণত । সেইদিনা অঞ্জলী আৰু জয়ন্ত একেখন বাছতে যাত্ৰা কৰিলে যদিও সিহঁতি অচিনাকিৰ দৰেই থাকিল আঁতৰে আঁতৰে । কিছুমান মুহূৰ্তত চিনাকিবোৰো অচিনাকিৰ দৰে হৈ পৰে । সমাজৰ , মানুহৰ লাজত বা ভয়ত অভিনয় কৰিবলগা হয় অচিনাকিৰ দৰে ।
তেজপুৰৰ পৰা ২:০০ মান বজাত গাড়ীখন আগবাঢ়িল । অঞ্জলী বহা ঠাইৰ ঠিক বিপৰীত ফালৰ পিছফালৰ চিত এটাতে জয়ন্ত বহিল । জয়ন্তই চুৰ চকুৰে অঞ্জলীৰ উজ্বল মুখখনলৈ একেথৰে চাই আছে , অঞ্জলীৰ লগৰবোৰে কাঁহি কাঁহি সিহঁতক জোকাইছে । অঞ্জলী লাজতে ৰঙা পৰিছে । জয়ন্তই ফূৰ্তিতে গীত জুৰিছে । জয়ন্তই ভাল ঢোল আৰু বাঁহী বজাই । অঞ্জলীৰ লগৰ মৃগাংকই এটা ঢোল , ৰঞ্জনে এযোৰ তাল আৰু বিনয়ে এটা পেঁপা লৈ গৈছিল । গাড়ীখন বিশ্বনাথ চাৰিআলি পাওঁ পাওঁ হওতেই সকলোৰে ভাত ঘুমতি আহিল । টোপনিয়াবলৈ লৈছে দুজন মানে । জয়ন্তই ঢোলত চেও দিলে , ৰঞ্জনে তালযোৰ ললে । এটা ভাল মেহেফিল জমি গল লগে লগে । জানুৱাৰী মাহত নতুন বছৰৰ আগমন হয় । ঢোলৰ মাত ভাল লাগে এই সময়তো । জয়ন্তই যোজনা এটা জুৰিলে
"ৰেলৰ আলিৰ দুবৰি বন
হাড়ক মাটি কৰি
তেজক পানী কৰি
তোলৈকে ঘটিছো ধন"
অঞ্জলীৰ দুখ লাগি গল । দেউতাকৰ ইমান বিশাল সম্পত্তি থকাৰ পিছতো জয়ন্তই তাইৰ বাবেই ইমান কষ্ট কৰিবলগা হৈছে । যিয়েই নহওক ; প্ৰেম এনেকুৱাই ।
সকলোৱে বিহু গীত গায় গায় মাতাল হৈ গৈছে । ছোৱালীহঁতে বহাৰপৰা উঠি নচাত লাগিল । ৰূপজ্যোতি বাইদেউৰ লগতে ৰঞ্জন চাৰহঁতেও অংশগ্ৰহন কৰিলে ।
"মোৰ মামনি বাখৰ ঐ তৰাণী ঐ হাবিলৈ /মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/মোৰ মামনি বাখৰ ঐ তৰা পাতে কাটিব তৰা পাতে কাটিব তোক/
মোৰ মামনি বাখৰ ঐ ডেকা লৰাৰ বিহুলৈ/মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/ মোৰ মামনি বাখৰ ঐ ওলাবযে অমাতৰ ওলাবযে অমাতৰ মাত। "
"ওচৰ চাপি চাপি নাহিবি নাচনী নাহিবি নাচনী /তোৰে গাত মোহিনী আছে চেলেং বাখৰ ঐ /ৰাঙলী মদাৰৰ পাতে চেলেং বাখৰ ঐ/ দিখৌ কপি লগা দলং চেলেং বাখৰ ঐ/ জাজী নৈৰ নিমলা পানী জাজী নৈৰ নিমলা পানী।"
এনেকৈয়ে গীত গায় গায় নাচি নাচি গধূলি ৫:৩০ বজাত সিহঁতৰ বাছখন গৈ ঢকুৱাখনা সোমালেগৈ ।
ইমানদিনৰ মুৰত অঞ্জলীয়ে নিজৰ জন্মস্থানখন দেখিছে । এন্ধাৰে মুন্ধাৰে খেপিয়াইছে তাই সোণালী শৈশৱৰ দিনবোৰ । দেউতাকৰ লগত যোৱা সৰিয়হতলিৰ দিনবোৰ । অজানিতে তাইৰ দুচকুত এটি মুকুতা মণি জিলিকি উঠিল । জয়ন্তই লাহেখৈ উঠি গৈ তাই নজনাকৈ চকুপানী দুটোপাল মচি দিলেগৈ ।
অঞ্জলী চক্ খাই উঠিল ।
আগলৈ……………

No comments:
Post a Comment