আউসীৰ জোন
চতুৰ্থ খণ্ড
জয়ন্তই তেনেকৈ একেথৰে চাই থকা দেখি অঞ্জলী লাজতে আবেলিৰ হেঙুলী বেলিৰ দৰে ৰঙা হৈ পৰিল । দেহৰ সমস্ত তেজবোৰ যেন গাল দুখনতে স্থিতি ললেহি । জয়ন্তই লাহেকৈ কলে : তোমাক মই আজিহে ভালকৈ দেখিছো । তুমি জানানে কিমান ধুনীয়া ?
লাজে লাজে অঞ্জলীয়ে কলে আমাৰ গ্ৰুপটো মাতিছে , নাচিব হল মই যাওঁ ।
দৌৰ মাৰিব খোজোতেই জয়ন্তই তাইৰ হাতখন থাপ মাৰি ধৰিলে । তাই উচপ খাই উঠিল । সি কলে : এবাৰ মোক লগ ধৰিবা মিটিং শেষ হলে । তাই হাতখন এচাৰ মাৰি এৰুৱাই দৌৰ মাৰিলে ।
সিহতৰ ঐণিতমৰ মিঠা সুৰ , বাঁহীৰ স্বৰ আৰু মিচিং গাভৰুৰ গুমৰাগ নৃত্য দেখি সকলো আনন্দত নাচি উঠিল । মিটিঙৰ শেষত জয়ন্ত বাহিৰতে ৰৈ থাকিল অঞ্জলীলৈ । অঞ্জলী ভয়ে লাজে তাৰ ওচৰ চাপিল । জয়ন্তৰ বুকুত থুপ খাই থকা বহুতেই কথা আছিল যদিও সি একোৱেই কব নোৱাৰিলে । মাথো তাইক মোমায়েকৰ ঘৰৰ ওচৰত থৈ আহিলগৈ । ঘৰলৈ আহি তাৰ মন নবহা হল , গোল মুখখন , সৰু সৰু চকু দুটাই আমনি কৰি থাকিল । বহুতো কল্পনাই মনৰ ভিতৰতে লুকাভাকু খেলিবলৈ ধৰিলে । কি হৈছে তাৰ ! প্ৰেম নে আশক্তি? কিয় এনেকুৱা হয় মানুহৰ ! কিয় ভাললগা হৈ পৰে কাৰোবাৰ সংগ । কিয় কাৰোবাৰ দুচকুত নিজৰ সপোনবোৰ ভাহি উঠে অজানিতে ! এয়া কি ? সঁচাকৈয়ে প্ৰেমত পৰিছে নেকি সি তাইৰ ! না এইতো সম্ভৱ হব নোৱাৰে । সি হৈছে ব্ৰাহ্মণ সম্প্ৰদায়ৰ লৰা , আৰু অঞ্জলী এজনী মিচিং ছোৱালী । তাতে জয়ন্তৰ দেউতাক এজন নাম থকা ৰাজনীতিবিদ । বহুত সন্মান আছে তেওঁৰ সমাজত । কথাবোৰ ভাবি ভাবি জয়ন্তৰ হুমুনিয়া এটা অজানিতেই বাগৰি আহিল বুকুৱেদি । এই উচ্চ নিম্ন জাতক লৈ কোনে যে এখন দেৱাল গাঠি গল । পৃথিৱীত সকলো মানুহেই তেজ মঙহেৰে গঠিত । কোনোজন এনে মানুহ নাই; যাৰ তেজ ৰঙা নহয় । তথাপি এই জাত কুলৰ যুদ্ধখন কিয় ! সি বৰ কষ্টৰে টোপনি গল ।
অঞ্জলীৰো একে অৱস্থা । জয়ন্তৰ সেই এপলক সজল চাৱনিয়ে তাইৰ কলিজাৰ কোণতো বিজুলী প্ৰৱাহৰ সৃষ্টি কৰিলে । জয়ন্তই ধৰা হাতখনকে বাৰে বাৰে চাই মোহাৰি থাকিল । মনত বহুতো প্ৰশ্ন তাইৰো । কিয় সি তাইক তেনেকৈ একেথৰে উন্মাদৰ দৰে চাই আছিল ! কি কব বিচাৰিছিল সি তাইক ! প্ৰেম এনেকৈয়ে আহে নেকি ; বাৰিষাৰ বানৰ দৰে কোনো আগজাননী নিদিয়াকৈ । বানে যিদৰে এক মুহূৰ্ততে সকলো থানবান কৰি দিয়ে প্ৰেমৰ অনুভবো ঠিক তেনেকুৱাই । পৰিপাতি হৈ থকা হৃদয়খন বিশৃংখল কৰি দিয়ে তৎক্ষণাত । অঞ্জলীয়ো কল্পনাৰ ঢৌৰ সৈতে উটি উটি নিদ্ৰাদেবীৰ কোলাত আশ্ৰয় ললে ।
আগলৈ…………

No comments:
Post a Comment