আউসীৰ জোন
অষ্টম খণ্ড
অঞ্জলী আৰু মাকৰ গগন ফলা চিঞৰত ওচৰ চুবুৰীয়া বহুতো মানুহ থুপ খালেহি সিহতৰ ঘৰৰ পিছফালে । দুটামান লৰাই পুখুৰীত জপিয়াই অঞ্জলীৰ বায়েকক পানীৰ পৰা তুলি আনিলে । হয়তো আগবেলাৰ পৰাই বায়েক পানীত পৰি আছিল । শৰীৰটো একেবাৰে বৰফৰ দৰে চেঁচা পৰি গ'ল । চকু দুটা মাৰ্ৱল গুটিৰ দৰে ডাঙৰ ডাঙৰকৈ মেল খাই আছে । গাৰ কাপোৰখনেৰে হাত আৰু ডিঙিত মেৰ খাই পৰিল । হয়তো পানীৰ পৰা উঠিবলৈ যত্ন কৰিছিল তাই । পেতটো ফুলি বেলুনৰ দৰে হৈ পৰিল । অঞ্জলী আৰু মাকে ইমান মাত দিয়াৰ পাছতো বায়েকৰ পৰা কোনো সহাৰি নাপালে ।
চকুৰ আগতেই এদিন দেউতাক আৰু আজি বায়েকজনীও হেৰাই গল এই পৃথিবীৰ বুকুৰ পৰা । আপোন মানুহবোৰ যেতিয়া নাইকিয়া হৈ যায় , স্মৃতিৰ ধূষৰ ছাঁ বোৰে বৰকৈ আমনি কৰে । দেউতাকৰ মৃত্যুৰ ঘটনাটো হৈ যোৱা আজি ছমাহেই হোৱা নাছিল , আকৌ বায়েকৰ মৃত্যুত অঞ্জলী একেবাৰে ভাগি পৰিল । নিয়তিৰ ৰাম টাঙোনৰ কোব খাই তাই একেবাৰে কোঙা হৈ পৰিল । একমাত্ৰ মাকজনীৰ বাবেই তাই সাহসী হৈ আছিল । পৃথিৱীৰ সমস্ত দুখবোৰ কিয় তাইৰ জীৱনতে জাপি দিছে ভগবানে ! আক্ষেপ কৰিবলৈও কোনো নাই । নিজৰ ভাগ্যকে দোষাৰূপ কৰাৰ বাহিৰে শান্তনা লবলৈ কোনো সমল নাথাকে এনেকুৱা কিছুমান পৰিস্থিতিত ।
দুখে শোকে জৰ্জৰিত হৈ অঞ্জলীৰ উজ্বল মুখখন শেতা পৰি কেঁহাৰাজ বৰণীয়া হৈ পৰিল । চকুৰ গুৰিত কলা দাগ বহিল । তিৰবিৰ কৰি থকা চকুহাল পোতা পুখুৰী সদৃশ হৈ পৰিল । পৰীক্ষাৰ পিছৰ বন্ধৰ দিন সমাপ্ত হবলৈ দুটা দিন বাকী আছে । মাকক লৈ যাব এইবাৰ তাই গুৱাহাটীলৈ ; অকলশৰে থাকিবলৈ নিদিয়ে । কিন্তু মাক যাবলৈ অমান্তি হ'ল । সম্পৰ্কীয় ককায়েক এজনৰ ঘৰত এনেকৈ মাক জীয়েক দুয়োজনী থকাতো আত্মসন্মানত আঘাত লগা কথা । হায়াৰ চেকাণ্ডেৰীত ভাল নম্বৰ লৈ পাছ কৰা অঞ্জলীৰ গুৱাহাটীত পঢ়িবলৈ মন থকা বুলি কওঁতে অঞ্জলীৰ দেউতাকে ওচৰতে পঢ়িবলৈ কৈছিল । গুৱাহাটী যেন ঠাই এখনত অকলশৰে এৰিবলৈ মন কৰা নাছিল দেউতাকে । কিন্তু সম্পৰ্কীয় মোমায়েক আৰু মামীয়েকে তাইক লগতে ৰাখি পঢ়ুৱাবলৈ দায়িত্ব ললে । মোমায়েক মামীয়েকৰ লৰা ছোৱালী নাই । মোমায়েকৰ এখন নামি ৰেষ্টুৰা আছে গুৱাহাটীত আৰু মামীয়েকে এখন পাৰ্লাৰ চলাই । তাই তাতে থাকি পঢ়িবলৈ ঠিৰাং কৰিছিল আৰু থাকিছিলো । কিন্তু এই মুহূৰ্তত মাক আৰু তাই দুয়োজনী থকাতো ভাল কথা নহব । কি কৰিব কি নকৰিব ভাবি পাৰ নাপালে অঞ্জলীয়ে ।
ওচৰৰে লৰা এটাক ঘৰৰ সমস্ত দায়িত্ব দি পিছদিনা অঞ্জলী আৰু মাক গুৱাহাটীলৈ বুলি ওলাল ।
আগলৈ ………

No comments:
Post a Comment