Wednesday, 20 November 2019

আউসীৰ জোন

আউসীৰ জোন
দ্বাদশ খণ্ড
  প্ৰেমাস্পাদৰ এটি কোমল স্পৰ্শই বুকুত শিহৰণৰ সৃষ্টি কৰে । অঞ্জলীৰ মন মগজুত এক বুজাব নোৱাৰা শিহৰণ জাগিল । অঞ্জলীৰ চকুৰ পানীবোৰ লুকাই থাকিল জয়ন্তৰ হাতৰ মুঠিত । লাহে লাহে গৈ সিহঁত বিশ্বৰ সকলোতকৈ ডাঙৰ নদী দ্বিপ মাজুলী পালেগৈ । ব্ৰহ্মপুত্ৰৰ পাৰৰে বেম্ব ক'টেজ এখনতে থকাৰ ব্যৱস্থা হল সকলোৰে । টুকুৰা টুকুৰি কেইটামান বাঁহৰ সৰু সৰু ঘৰ । এটা ঘৰত চাৰুজনকৈ থকাৰ ব্যৱস্থা হল । তিনিদিনৰ বাবে সেইখনত সিহঁত থাকিব । লোক-সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী ৷ অনবৰেত সত্ৰীয়া গীত-মাত, খোল-তাল, বাঁহীৰ সুৰৰ লগতে অদূৰৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জন-জীৱন মুখিৰত কৰি ৰাখে ৷ গধূলি অকণমান ওলাই গৈ সিহঁত সোনকালে আহি শুই থাকিল । দিনটো দীঘলীয়া যাত্ৰাৰ বাবে ভাগৰো যথেষ্ট লাগিছিল ।
        পিছদিনা শালিকী পুৱাতে উঠি অঞ্জলী জয়ন্ত আৰু লগৰ কেইজনমান ব্ৰহ্মপুত্ৰৰ ফালে আগবাঢ়িল । পুৱতিৰ চেঁচা বতাহ এজাকে চুই গল সিহঁতৰ দেহ , মন , প্ৰাণ সকলো । কুৱলিৰ ডাঠ আৱৰনে ঢাকি আছিল তেতিয়া আকাশৰ বুকু । লৌহিতৰ বুকুত যেন চপৰা চপৰে পৰি আছিল ৰাতিপুৱাৰ শুকুলা দলিচা । হিমবোৰে যেন চুমিছিল লোহিতৰ জলৰাশি । আঁতৰত যোৰ পাতি বহি ৰৈছিল যুৰীয়া হাঁহ কেইহাল মান । ধুনীয়া মনমোহা চাকৈ চকোৱা হাঁহবোৰ সঁচাকৈয়ে চকুত লগা । সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলিও কয়। এইবিধ হাঁহ প্ৰেমৰ প্ৰতিক বুলিও কোৱা হয় । নিশা মতা মাইকী দুয়োটা চৰাই আঁতৰে আঁতৰে থাকি কান্দে আৰু ৰাতিপুৱা দুয়ো লগ হৈ একেলগে থাকে । সূৰ্য্যক চাকৈ চকোৱাৰ বন্ধু বুলিও কোৱা হয় । ইহঁত কমলা-মুগা ৰঙৰ আৰু মুৰটো শেঁতা ৰঙৰ, পাখি দুখিলা বগা আৰু কলা ৰঙৰ হয় । দুটা একেলগে যোৰ বান্ধি থকা প্ৰায় দেখা যায় । এই হাঁহ কেইহালৰ প্ৰেম দেখিলে কোনো মানুহৰে অন্তৰত প্ৰেম নজগাকৈ নাথাকে । ইটোৰ বুকুত সিটোৱে মুৰ সুমুৱাই পাখিবোৰ খুচৰি দিয়ে । সেই দৃশ্য দেখি অঞ্জলী আৰু জয়ন্তৰ মনতো প্ৰেমৰ বুৰবুৰনি উঠিছিল । কিছু সময়ৰ পাছতে কুৱলিৰ আৱৰণ ফালি ৰবিৰ হেঙুলি ৰহণ লোহিতৰ বুকুত পৰিল আৰু জিলিকি উঠিল অলেখ হেঙুলি ঢৌৰ জিলিঙনি ।
              নদীৰ কাষতে কাউৰীৰ এটা জাক আহি খাবলৈ ললে কোনোবাই এৰি যোৱা খাদ্যৰ অৱশিষ্ট । ৰ'দৰ কোমল স্পৰ্শত যেন এঙামুৰি দি সাৰ পাই উঠিছে ধৰাৰ প্ৰতিটো পদাৰ্থ । এজাক মাছমৰীয়া ব্যস্ত হলহি জাল মৰাত । লগত আহিল দুটামান নাঙঠ পাঙঠ লৰা । হাতত এডাল এডাল লেকেচি লৈ খেদি আহিল সিহঁতৰ মাক, আইতাক নাইবা সিহঁতৰ আপোন কোনোবা । পুহৰ সেই কলিজা কঁপোৱা জাৰত তেনেকৈ লৰাকেইটা উদঙে মুদঙে অহা দেখি জয়ন্ত আচৰিত হল । তেতিয়া অঞ্জলীয়ে খিলখিলাই হাঁহি কলে যে এইবোৰেই গাৱৰ জীৱন , শৈশৱৰ ধেমালি । কিমানদেৰী সিহঁত তাত ৰৈ থাকিব এনেদৰে ? এঘণ্টা / দুঘণ্টা নে উৰে জীৱন ! এই মুহূৰ্তত ৰৈ যাব যেন এই ক্ষণ । মিঠা মিঠা লগা এই সুন্দৰ ক্ষণ ।
     সিহঁতৰ লগত অহা বন্ধুবৰ্গ কেতিয়াবাই গৈ বাঁহেৰে নিৰ্মিত সেই খেৰৰ চালৰ ঘৰবোৰত সোমালেগৈ । অঞ্জলী আৰু জয়ন্তক বিচাৰি ৰূপজ্যোতি বাইদেউ আৰু ৰঞ্জন সিহঁত থকা সেইখিনি ঠাই পালেগৈ । ৰূপজ্যোতি বাইদেৱে প্ৰশ্ন কৰিলে
: ইমান সময় তোমালোকে ইয়াত কি কৰি আছা ? ভাল কথা হোৱা নাই কথাবোৰ ।
   সিহঁতৰ ভুল কি !

 আগলৈ…………

   

Tuesday, 19 November 2019

আউসীৰ জোন

আউসীৰ জোন
একাদশ খণ্ড
     কিছু সময়ৰ আগতে দেখা সেই সপোনটো এনেকৈ বাস্তৱত ৰূপান্তৰিত হব বুলি অঞ্জলীয়ে সপোনটো কল্পনা কৰা নাছিল । নিজৰ হাতখনতে চিকুতি চালে এবাৰ । অ এয়া সপোন নহয় বাস্তৱতে জয়ন্ত সিহঁত সোমোৱা হোটেল খনতে আছে । তাই লাজতে ৰঙা পৰিল । লগৰ কেইজনীয়ে অঞ্জলীক জোকাবলৈ ধৰিলে । তাই জানি বুজিয়েই জয়ন্তক হোটেলখনলৈ মতা বুলি সিহঁত মখাই তাইক জোকাই হাৰাশাস্তি কৰিলে । আজি দুদিন ধৰি সিহঁতৰ ভালকৈ কথা পতা হোৱাই নাই । জয়ন্ত ব্যস্ত নিজৰ কামত । এসপ্তাহৰ পিছতে নতুন কোম্পাণীত যোগদান কৰিব সি । মহাৰাষ্ট্ৰৰ কোম্পাণীৰ পৰা সেই সুবিধা পাইছে সি । দৰমহা পাতি সকলো ঠিকেই , থাকিবলৈ ৰুম দিছে , তিনি মাহৰ পিছে পিছে এটা বিদেশ ভ্ৰমণৰ সুবিধা । তথাপি তাৰ যাবলৈ মন নাই । প্ৰিয় মানুহজনক এৰি যোৱাৰ বিৰম্বনা কি সি উপলব্ধি কৰিব পাৰে । তথাপি সিহঁতৰ ভৱিষ্যতৰ সুখ শান্তিৰ
কাৰনে সেইখিনি ত্যাগ সি কৰিব লাগিব । পুৰনি কোম্পাণীৰ বাকী ৰোৱা কিছুমান কামৰ বাবে সি তেজপুৰলৈ আহিছিল চাৰিদিনমান আগতেই । এতিয়া অফিচিয়েল সকলো কাম শেষ কৰি আগৰ কাম ৰিজাইন দি সি মৰিগাঁৱৰ ঘৰলৈ ঘূৰিবলৈ সাজু ।
        হৃদয়ৰ আপোনজনক এনেকৈ হঠাতে কাষতে পাই অঞ্জলীৰ মন চঞ্চলা হৰিণীৰ দৰে নাচি উঠিলে । কব নোৱাৰাকৈ বাগৰি আহিছে ওঠৰ দুটি কোণত হাঁহিৰ বিন্দু বিন্দু ৰেখা । যি জিলিকাই তুলিলে অঞ্জলীৰ মুখত প্ৰভাতি ৰ'দৰ এচেৰেঙা কোমল আভা । জয়ন্তই তাইক এনেকৈ হঠাতে দেখি আচৰিত হৈ চাই থাকিল । অৱশ্যে অঞ্জলীয়ে জয়ন্তক মাজুলী যোৱাৰ কথা কৈছিল । কিন্তু এনেকৈ আচৰিত ধৰনে হোটেল এখনত লগ পাব বুলি ভবা নাছিল ।
      জয়ন্ত যিহেতু সেই একেখন কলেজৰে প্ৰাক্তন ছাত্ৰ আছিল , তাৰোপৰি সি আছিল মেধা ছাত্ৰ । সাংস্কৃতিক শাখাৰ সম্পাদকৰ কালছোৱাত যথেষ্ট ভাল ভাল কাম কৰিছিল সি কলেজৰ হৈ । সকলো অধ্যাপকৰে চিনাকি সি । সকলোৱে ভাল পায় জয়ন্তক । অধ্যাপক দুজনৰ লগতে অধ্যাপিকা ৰূপজ্যোতি ফুকণেও তাক তেওঁলোকৰ লগতে মাজুলীলৈ যাবলৈ লগ ধৰিলে । সি প্ৰথমে অমান্তি হৈছিল যদিও সকলোৰে অনুৰোধত যাাবলৈ মান্তি হল ।
      আপোন মানুহজন যেতিয়া আশে পাশে থাকে হৃদয়ত এক  বিজুলীৰ প্ৰৱাহিত হয় । চকুৱে চকুৱে  ভাৱৰ আদান প্ৰদান হয় । লুকাই থকা মৰমবোৰ উথলি উঠে কলিজাৰ  নিভৃত কোণত । সেইদিনা অঞ্জলী আৰু জয়ন্ত একেখন বাছতে যাত্ৰা কৰিলে যদিও সিহঁতি অচিনাকিৰ দৰেই থাকিল আঁতৰে আঁতৰে । কিছুমান মুহূৰ্তত চিনাকিবোৰো অচিনাকিৰ দৰে হৈ পৰে । সমাজৰ , মানুহৰ লাজত বা ভয়ত অভিনয় কৰিবলগা হয় অচিনাকিৰ দৰে ।
    তেজপুৰৰ পৰা ২:০০ মান বজাত গাড়ীখন আগবাঢ়িল । অঞ্জলী বহা ঠাইৰ ঠিক বিপৰীত ফালৰ পিছফালৰ চিত এটাতে জয়ন্ত বহিল । জয়ন্তই চুৰ চকুৰে অঞ্জলীৰ উজ্বল মুখখনলৈ একেথৰে চাই আছে , অঞ্জলীৰ লগৰবোৰে কাঁহি কাঁহি সিহঁতক জোকাইছে । অঞ্জলী লাজতে ৰঙা পৰিছে । জয়ন্তই ফূৰ্তিতে গীত জুৰিছে । জয়ন্তই ভাল ঢোল আৰু বাঁহী বজাই  । অঞ্জলীৰ লগৰ মৃগাংকই এটা ঢোল , ৰঞ্জনে এযোৰ তাল আৰু বিনয়ে এটা পেঁপা লৈ গৈছিল । গাড়ীখন বিশ্বনাথ চাৰিআলি পাওঁ পাওঁ হওতেই সকলোৰে ভাত ঘুমতি আহিল । টোপনিয়াবলৈ লৈছে দুজন মানে । জয়ন্তই ঢোলত চেও দিলে , ৰঞ্জনে তালযোৰ ললে । এটা ভাল মেহেফিল জমি গল লগে লগে । জানুৱাৰী মাহত নতুন বছৰৰ আগমন হয় । ঢোলৰ মাত ভাল লাগে এই সময়তো । জয়ন্তই যোজনা এটা জুৰিলে
   "ৰেলৰ আলিৰ দুবৰি বন
হাড়ক মাটি কৰি
তেজক পানী কৰি
তোলৈকে ঘটিছো ধন"
    অঞ্জলীৰ দুখ লাগি গল । দেউতাকৰ ইমান বিশাল সম্পত্তি থকাৰ পিছতো জয়ন্তই তাইৰ বাবেই ইমান কষ্ট কৰিবলগা হৈছে । যিয়েই নহওক ; প্ৰেম এনেকুৱাই ।
        সকলোৱে বিহু গীত গায় গায় মাতাল হৈ গৈছে । ছোৱালীহঁতে বহাৰপৰা উঠি নচাত লাগিল । ৰূপজ্যোতি বাইদেউৰ লগতে ৰঞ্জন চাৰহঁতেও অংশগ্ৰহন কৰিলে ।
"মোৰ মামনি বাখৰ ঐ তৰাণী ঐ হাবিলৈ /মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/মোৰ মামনি বাখৰ ঐ তৰা পাতে কাটিব তৰা পাতে কাটিব তোক/
মোৰ মামনি বাখৰ ঐ ডেকা লৰাৰ বিহুলৈ/মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/ মোৰ মামনি বাখৰ ঐ ওলাবযে অমাতৰ ওলাবযে অমাতৰ মাত। "
"ওচৰ চাপি চাপি নাহিবি নাচনী নাহিবি নাচনী /তোৰে গাত মোহিনী আছে চেলেং বাখৰ ঐ /ৰাঙলী মদাৰৰ পাতে চেলেং বাখৰ ঐ/ দিখৌ কপি লগা দলং চেলেং বাখৰ ঐ/ জাজী নৈৰ নিমলা পানী জাজী নৈৰ নিমলা পানী।"
      এনেকৈয়ে গীত গায় গায় নাচি নাচি গধূলি ৫:৩০ বজাত সিহঁতৰ বাছখন গৈ ঢকুৱাখনা সোমালেগৈ ।
   ইমানদিনৰ মুৰত অঞ্জলীয়ে নিজৰ জন্মস্থানখন দেখিছে । এন্ধাৰে মুন্ধাৰে খেপিয়াইছে তাই সোণালী শৈশৱৰ দিনবোৰ । দেউতাকৰ লগত যোৱা সৰিয়হতলিৰ দিনবোৰ । অজানিতে তাইৰ দুচকুত এটি মুকুতা মণি জিলিকি উঠিল । জয়ন্তই লাহেখৈ উঠি গৈ তাই নজনাকৈ চকুপানী দুটোপাল মচি দিলেগৈ ।
       অঞ্জলী চক্ খাই উঠিল ।

আগলৈ……………

আউসীৰ জোন

আউসীৰ জোন
দশম অধ্যায়
   ৰাতিপুৱা ৪:৩০ মান বজাতে বাছখন মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰিলে । সকলো ছাত্ৰ ছাত্ৰী আনন্দত আত্মহাৰা হৈ পৰিছে । ভ্ৰমণ এনে এটি মানসিক ঔষধ যে বিষাদবোৰ ধুই চাফা কৰি দিয়ে হৃদয়খন । ফুৰি সকলো মানুহেই ভাল পাই । আজি বহু দিনৰ মুৰত অঞ্জলীৰ মুখত হাঁহি বিৰিঙিছে । দেউতাক আৰু বায়েকৰ মৃত্যুৰ পাছৰে পৰা তাই যেন হাঁহিবলৈ পাহৰিয়েই গৈছিল ।
       খানাপাৰা হৈ বাছখন যোৰাবাট সোমাইছে । সকলো ছাত্ৰ ছাত্ৰী আনন্দত আত্মহাৰা হৈ পৰিল । অকোঁৱা পকোৱা ৰাষ্টাৰ আমোদ সকলোৱে ললে । জানুৱাৰী মাহৰ সেই চেঁচা ৰাতিপুৱাটো সঁচাকৈয়ে বৰ আপোন পাহৰা আছিল । ৰ'দৰ এচেৰেঙা কোমল পৰশে অঞ্জলীৰ চকুযুৰি জপাই নিলে । তাই সপোন দেখিবলৈ ধৰিলে
: এজাক বতাহ , বতাহৰ সৈতে ধেমালি কৰা তাইৰ দীঘল চুলিতাৰি , এখন উন্মুক্ত আকাশ আৰু আকাশৰ তলতে এখন সেউজীয়া পথাৰ । সেই সেউজীয়াৰ আৱৰন ফালি এটা শুকুলা ঘোঁৰাত উঠি আহিছে এজন ৰাজকুমাৰ সদৃশ যুৱক । পিন্ধনত বগা চকু চাত মাৰি ধৰা পোচাক । অঞ্জলীয়ে চকুত হাত থৈ আঁৰ চকুৰে চাই দেখিলে , সেইজন আন কোনো নহয় জয়ন্ত । জয়ন্ত আহিয়েই ঘোঁৰাৰপৰা নামি অঞ্জলীৰ তৃষ্ণাতুৰ ওঠযুৰিত আঁকি দিলে এটি চুমাৰ পৰশ । অঞ্জলী একেজাপে সাৰ পালে । লাজ লাজ হাঁহি এটি বিৰিঙি আহিল কব নোৱাৰাকৈয়ে ওঠৰ চুকেদি ।
     সকলো ছাত্ৰ ছাত্ৰী তেতিয়া গানৰ তালে তালে নচাত ব্যস্ত । অধ্যাপক ৰঞ্জন গগৈয়ে এটা প্ৰস্তাৱ আগবঢ়ালে যে সকলো ছাত্ৰ ছাত্ৰীয়ে এটি এটি গীত নাইবা কবিতা শুনাব লাগিব । সকলো আনন্দত জপিয়াই উঠিল । প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এটি এটি গীত নাইবা কবিতা শুনালে । অঞ্জলীৰ পাল পৰিলত তাই এটি স্ব ৰচিত কবিতা শুনালে
:          সপোন
দুচকুত ভাহি অহা অযুত সপোন এতিয়া
উৱলি গৈছে বুকুৰ গভীৰতাত ।

তুমি আঁতৰি যোৱাৰে পৰা
      দেউতা !
হাতত ধৰি ধৰি
 খোজ কাঢ়িবলৈ শিকোৱা দিনবোৰৰ
 স্মৃতিয়ে মোক কন্দুৱাই ।
মজিয়াত তোমাৰ পিঠিত উঠি
 খেলা হাতী ভালুকৰ খেলবোৰে
 মোক তোমাৰ কাষলৈ লৈ যায়
 বাৰে বাৰে !
মোৰ সপোনত কিয় কেনা লাগিল কিয় !
‌আধাৰুৱা কবিতাটি গাই তাই উচুপি উঠিল । সকলোৱে তাইক বুজালে সকাহ দিলে । তেজপুৰ আহি পোৱালৈ দুপৰীয়া হল । সকলোৱে হোতেলত খোৱাৰ বাবে সোমাল । হোতেলত সোমায়ে অঞ্জলীৰ চকু কপালত উঠিল । তাইৰ সন্মুখত জয়ন্ত , বগা চাৰ্ট পিন্ধি আছে । সেই সপোনৰ ৰাজকুমাৰ হঠাতে তাইৰ চকুৰ আগত ।

‌আগলৈ ……………

Friday, 15 November 2019

আউসীৰ জোন

আউসীৰ জোনৰ দ্বিতীয় অধ্যায়
নৱম খণ্ড
     গুৱাহাটীলৈ আহি অঞ্জলীয়ে এটা ভাড়া ৰুম লোৱাৰ কথা ভাবিলে । পিছদিনা ৰাতিপুৱা চাহ খোৱাৰ সময়ত মোমায়েক মামীয়েকক অঞ্জলীয়ে জনালে যে মাক আৰু তাই ভাড়া ঘৰ এটাতে থাকিব । আগৰ কথা বেলেগ আছিল , তাই অকলে আছিল । এতিয়া মাকৰ সৈতে থাকিলে অসুবিধাও পাব পাৰে । তাতে গুৱাহাটী যেন ঠাই এডুখৰত দুজনী মানুহ পোহা সাধাৰণ কথা নহয় ।পেঞ্চনৰ টকাকেইটাৰে দুজনী মানুহ ধুনীয়াকৈ চলিব পাৰিব ভাড়া ঘৰ এটা ললে । মোমায়েক মামীয়েকে তাইৰ কথাত বৰ দুখ পালে । তাইক আৰু মাকক তাতে থাকিবলৈ অনুৰোধ কৰিলে । আপোনবোৰ সদায়ে আপোন । এনে এটি পৰিস্থিতিত কোনো আত্মীয় মানুহে অকলশৰে এৰিব নোৱাৰে । মোমায়েক মামীয়েকৰ অনুৰোধ ৰক্ষা কৰি সিহত দুজনী তাতে থাকিবলৈ থিৰাং কৰিলে ।
     অঞ্জলীৰ কলেজ আৰম্ভ হ'ল পুনৰ । তাইৰ আগৰ দৰে কলেজৰ দিনবোৰ ভাল নলগা হল । ফাইনেল ইয়েৰ পৰীক্ষা দি জয়ন্ত কলেজৰ পৰা ওলাল । সি নতুনকৈ কোম্পাণী এটাত জুনিয়ৰ মেনেজাৰৰ কামত সোমাইছে, গুৱাহাটী ব্ৰাঞ্চতে । মাজে মাজে অঞ্জলীক লগ ধৰি থাকে সি । ভালপোৱাবোৰ ব্যস্ততাই শেষ কৰিব নোৱাৰে । তথাপি অভিযোগ কিছুমান থাকে । দিনটোৰ ব্যস্ততাৰ শেষত যেতিয়া গধূলি সিহতে ফোনত কথা পাতে, অঞ্জলীৰ মুখখন এমোকোৰা অভিযোগ অভিমানে ভৰি পৰে । জয়ন্তই তাইক বুজাই যে এই কামটো সি তাইৰ বাবেই কৰিছে । তাই বি:এ: ফাইনেল দিয়াৰ পাছতে সি তাইক লৈ এখন সুন্দৰ আলয় সাজিব । য'ত থাকিব অসীম আকাশৰ দৰে সীমাহীণ মৰম আৰু বিশাল সাগৰৰ দৰে সুবিশাল এসাগৰ ভালপোৱা ।

      অঞ্জলীৰ ফাষ্ট ইয়েৰৰ ৰিজাল্ট ওলাল যদিও সিমান ভাল ফলাফল নহল । যেনেতেনে ৬৩ শতাংশ নম্বৰ লৈ পাছ কৰিলে । যি পৰিস্থিতিত তাই পৰীক্ষাত বহিছিল সেই পৰিস্থিতিত ৬৩ শতাংশ খুবেই ভাল বুলিব লাগিব । মাজে মাজে গাঁৱৰ ঘৰলৈ বন্ধ পৰিলে মাক জীয়েক গৈ এদিন দুদিন থাকি আহে । ৰতনো মাজে মাজে আহি বাৰীৰে নেমু , জৰা , জিকা , তিয়হকে আদি কৰি চাউল চিৰা দি থৈ যায়হি । ৰতন অঞ্জলীৰ গাৱৰে লৰা । ৰতন অঞ্জলীতকৈ কেইবছৰমান ডাঙৰ হব । একেলগে খেলা-ধূলা, ফুৰা-চকা কৰিছিল বাল্যকালত । সিয়ে এতিয়া সিহতৰ গাৱৰ ঘৰখন চাই আছে । ৰতনৰ লগত অঞ্জলী বৰ ভাল । মাকে ৰতনৰ লগতে অঞ্জলীক বিয়া দিয়াৰ কথা মনে মনে ভাবি আছে । ওচৰৰে  লৰা ৰতন , তাৰোপৰি ঘৰখনৰ দায়িত্ব বুজি পাই সি । মাক আৰু এজনী ভণীয়েকৰ লগত ৰতন থাকে ।
     অঞ্জলীয়ে মাকক কোনো দিন কোৱা নাই যে তাই আৰু জয়ন্তই ইতোৱে সিতোক ভাল পায় । মাকেও তাইক এই বিষয়ে প্ৰশ্ন কৰা নাই । মাকে ভাবিছে যে সিহত একেলগে কলেজত পঢ়িছে যেতিয়া ভাল লগৰ হব । অঞ্জলীৰ কলেজৰ পৰা কেইজনমান  ছাত্ৰ ছাত্ৰীক ভ্ৰমণৰ বাবে নদীদ্বিপ মাজুলিলৈ নিব । সেই নামত তালিকাত তাইৰ নামো আছে । ঢকুৱাখনাৰ পৰা মাজুলীৰ দুৰত্ব বৰ বেছি নহয় যদিও অঞ্জলী তালৈ যোৱাৰ সুবিধা কোনো দিন মিলা নাছিল । এই চেগতে তালৈ যোৱাৰ সুবিধা পোৱাত তাই বৰ ভাল পালে । বহু দিনৰ মুৰত তাই অন্তৰৰ পৰা এটি প্ৰশান্তিৰ নিশ্বাস এৰিলে ।
     মাজুলীলে যাত্ৰা………………

আগলৈ………

আউসীৰ জোন

আউসীৰ জোন
অষ্টম খণ্ড
        অঞ্জলী আৰু মাকৰ গগন ফলা চিঞৰত ওচৰ চুবুৰীয়া বহুতো মানুহ থুপ খালেহি সিহতৰ ঘৰৰ পিছফালে । দুটামান লৰাই পুখুৰীত জপিয়াই অঞ্জলীৰ বায়েকক পানীৰ পৰা তুলি আনিলে । হয়তো আগবেলাৰ পৰাই বায়েক পানীত পৰি আছিল । শৰীৰটো একেবাৰে বৰফৰ দৰে চেঁচা পৰি গ'ল । চকু দুটা মাৰ্ৱল গুটিৰ দৰে ডাঙৰ ডাঙৰকৈ মেল খাই আছে । গাৰ কাপোৰখনেৰে হাত আৰু ডিঙিত মেৰ খাই পৰিল । হয়তো পানীৰ পৰা উঠিবলৈ যত্ন কৰিছিল তাই । পেতটো ফুলি বেলুনৰ দৰে হৈ পৰিল । অঞ্জলী আৰু মাকে ইমান মাত দিয়াৰ পাছতো বায়েকৰ পৰা কোনো সহাৰি নাপালে ।
   চকুৰ আগতেই এদিন দেউতাক আৰু আজি বায়েকজনীও হেৰাই গল এই পৃথিবীৰ বুকুৰ পৰা । আপোন মানুহবোৰ যেতিয়া নাইকিয়া হৈ যায় , স্মৃতিৰ ধূষৰ ছাঁ বোৰে বৰকৈ আমনি কৰে । দেউতাকৰ মৃত্যুৰ ঘটনাটো হৈ যোৱা আজি ছমাহেই হোৱা নাছিল , আকৌ বায়েকৰ মৃত্যুত অঞ্জলী একেবাৰে ভাগি পৰিল । নিয়তিৰ ৰাম টাঙোনৰ কোব খাই তাই একেবাৰে কোঙা হৈ পৰিল । একমাত্ৰ মাকজনীৰ বাবেই তাই সাহসী হৈ আছিল । পৃথিৱীৰ সমস্ত দুখবোৰ কিয় তাইৰ জীৱনতে জাপি দিছে ভগবানে ! আক্ষেপ কৰিবলৈও কোনো নাই । নিজৰ ভাগ্যকে দোষাৰূপ কৰাৰ বাহিৰে শান্তনা লবলৈ কোনো সমল নাথাকে এনেকুৱা কিছুমান পৰিস্থিতিত ।
      দুখে শোকে জৰ্জৰিত হৈ অঞ্জলীৰ উজ্বল মুখখন শেতা পৰি কেঁহাৰাজ বৰণীয়া হৈ পৰিল । চকুৰ গুৰিত কলা দাগ বহিল । তিৰবিৰ কৰি থকা চকুহাল পোতা পুখুৰী সদৃশ হৈ পৰিল । পৰীক্ষাৰ পিছৰ বন্ধৰ দিন সমাপ্ত হবলৈ দুটা দিন বাকী আছে । মাকক লৈ যাব এইবাৰ তাই গুৱাহাটীলৈ ; অকলশৰে থাকিবলৈ নিদিয়ে । কিন্তু মাক যাবলৈ অমান্তি হ'ল । সম্পৰ্কীয় ককায়েক এজনৰ  ঘৰত এনেকৈ মাক জীয়েক দুয়োজনী থকাতো আত্মসন্মানত আঘাত লগা কথা । হায়াৰ চেকাণ্ডেৰীত ভাল নম্বৰ লৈ পাছ কৰা অঞ্জলীৰ গুৱাহাটীত পঢ়িবলৈ মন থকা বুলি কওঁতে অঞ্জলীৰ দেউতাকে ওচৰতে পঢ়িবলৈ কৈছিল । গুৱাহাটী যেন ঠাই এখনত অকলশৰে এৰিবলৈ মন কৰা নাছিল দেউতাকে । কিন্তু সম্পৰ্কীয় মোমায়েক আৰু মামীয়েকে তাইক লগতে ৰাখি পঢ়ুৱাবলৈ দায়িত্ব ললে । মোমায়েক মামীয়েকৰ লৰা ছোৱালী নাই । মোমায়েকৰ এখন নামি ৰেষ্টুৰা আছে গুৱাহাটীত আৰু মামীয়েকে এখন পাৰ্লাৰ চলাই । তাই তাতে থাকি পঢ়িবলৈ ঠিৰাং কৰিছিল আৰু থাকিছিলো । কিন্তু এই মুহূৰ্তত মাক আৰু তাই দুয়োজনী থকাতো ভাল কথা নহব ।  কি কৰিব কি নকৰিব ভাবি পাৰ নাপালে  অঞ্জলীয়ে ।
    ওচৰৰে লৰা এটাক ঘৰৰ সমস্ত দায়িত্ব দি পিছদিনা অঞ্জলী আৰু মাক গুৱাহাটীলৈ বুলি ওলাল ।

 আগলৈ ………

আউসীৰ জোন

আউসীৰ জোন
সপ্তম খণ্ড
     অঞ্জলীৰ ঘৰৰপৰা জয়ন্ত অহাৰ তিনিদিনৰ পাছতে অঞ্জলীৰ দেউতাক ঢুকাল । অঞ্জলীৰ ফোন পাই জয়ন্তই কি কৰিম কি নকৰিম একো ধৰিব নোৱাৰিলে । সি ফোনতে তাইক সাহস দিলে ।
: তুমি ভাগি নপৰিবা অনু । এই সময়ত তুমিয়েই ধৈৰ্য্য ধৰিব লাগিব । তুমি যদি ভাগি পৰা ; মা , বাইদেউক কোনে চম্ভালিব । তুমি সাহসী ছোৱালী । সকলোকে তুমিয়েই সাহস দিব লাগিব । মই গৈ আছো সোনকালেই ।
: মই নোৱাৰিম জয় । মই নোৱাৰিম । মই সাহসী নহয় ।আজিৰ এই মুহূৰ্তত মই একেবাৰে সাহসী নহয় ।পৃথিৱীৰ একমাত্ৰ দুৰ্বল ছোৱালী এই মুহূৰ্তত ময়েই ।
   বেছি কথা নাপাতি অঞ্জলীয়ে ফোন ৰাখিলে । তাইৰ মনৰ অৱস্থা জয়ন্তই বুজি পালে । পিতৃৰ ছাঁ যেতিয়া মুৰৰ পৰা আঁতৰি যায় চাৰিওফালে অন্ধকাৰ হৈ পৰে । বেলি যেতিয়া ডুব যায় পৃথিৱীখন এন্ধাৰে গ্ৰাহ কৰে । এই মুহূৰ্তত অঞ্জলিকো শোকে , দুখে , বেদনাই একেলগে গ্ৰাহ কৰিছে ।  তাই অকলশৰীয়া ছোৱালীজনীয়ে মাকক চম্ভালিব নে বায়েকক বুজাব ।
       তিনি দিনমানৰ পিছত জয়ন্ত লগৰ দুটাৰ সৈতে অঞ্জলীৰ ঘৰলৈ গল । অঞ্জলীয়ে তাক দেখিয়েই দৌৰি আহি সাৱটি ধৰি উচুপি উঠিল । নিজকে শক্তিশালী বুলি দেখাই থকা অঞ্জলী আজি জয়ন্তৰ বুকুত কুৰুকি কুৰুকি সোমাই ফেকুৰি ফেকুৰি কান্দিছে । উটুৱাই দিছে বেদনাবোৰ দুচকুৰে । অশ্ৰু সঁচাকৈয়ে বৰ আচৰিত পদাৰ্থ ! অন্তৰৰ গভীৰতাত সোমাই থকা দুখ বেদনাবোৰ ধুৱাই নিয়ে ।
     আপোনজনৰ সান্নিধ্য সঁচাকৈয়ে বৰ ৰহস্যজনক । যি অঞ্জলীয়ে আজি এই মুহূৰ্তলৈকে নিজকে সাহসী বুলি প্ৰতিষ্ঠা কৰি আছিল , জয়ন্তৰ সান্নিধ্যই সকলো মিছা জাল ভাঙি দিলে । মনৰ শোকবোৰ ওলাই পৰিল ।
     মানুহৰ আগতেই অঞ্জলীয়ে জয়ন্তক তেনেকৈ বহুত পৰ সাৱটি ধৰি উচুপি থকাত গাঁৱৰ মানুহবোৰে বু-বু-বা-বা কথা পাতিবলৈ ধৰিলে । জয়ন্তই পৰিস্থিতি শান্ত কৰিবলৈয়ে তাইক বহুৱাই বুজনি দিয়াত লাগিল । তাই শান্ত হৈ ফেকুৰি ফেকুৰিয়েই
বহিল । জয়ন্ত আৰু লগৰ দুটা সেইদিনা সিহতৰ ঘৰত থাকি , পিছদিনা উভতিল ।
     অঞ্জলীৰ পৰীক্ষালৈও বেছি দিন নাই । মাজত মাত্ৰ দহ বাৰদিন বাকী । ঘৰখন অলপ শান্ত কৰি তাই পুনৰ মনত এসোপামান চিন্তাৰ টোপোলা লৈ কলেজলৈ আহিল । পঢ়াৰ লগত আজি এমাহমান কোনো সম্পৰ্ক নাইকিয়াৰ দৰেই হল । যেনেতেনে পৰীক্ষাটো দিছে তাই । ইফালে জয়ন্তৰ শেষৰ বছৰ কলেজত । তাৰো পৰীক্ষা আৰম্ভ হৈছে একেলগে । পৰীক্ষাৰ মাজত দুয়োটাই এবাৰো লগ নকৰিলে । ফোনত দুদিন এদিন কথা বতৰা হল । পৰীক্ষাকেইটা যেনেতেনে শেষ কৰি অঞ্জলী ঘৰলৈ উভতিল ।
ঘৰৰ অৱস্থা লাহে লাহে বেয়াৰ ফালে ঢাল খাইছে । পেঞ্চনৰ কামত ঘূৰিবলৈ মাকৰ আজৰি নাই । ঘৰত আকৰি ছোৱালীজনীক এৰি মাকজনী যাওঁ বুলিও যাব নোৱাৰে । অঞ্জলী কলেজৰ পৰা আহিয়েই , মাকৰ লগত অফিচিয়েল কামবোৰৰ বাবে দিনৰ দিনটো ইফালৰ পৰা সিফাললৈ অফিচে অফিচে তলৌ তলৌকে ভ্ৰমি ফুৰিলে । বহুদিনৰ অপেক্ষাৰ পাছত পেঞ্চনৰ কামটো হলগৈ ।
    এদিন অঞ্জলী আৰু মাক অফিচৰ কামতে সন্ধিয়া বহু দেৰীলৈকে বাহিৰত থাকিবলগা হল  ঘৰলৈ আহি বায়েকক বিচাৰি গোতেই ঘৰখন চালাথ কৰিও কোনো সুংসূত্ৰ পোৱা নাই । মাক আৰু অঞ্জলীয়ে বিচাৰি বিচাৰি অৱশেষত পাছফালৰ পুখুৰীত পৰি থকা বায়েকক পালেগৈ ।


আগলৈ ………

আউসীৰ জোন


আউসীৰ জোন
ষষ্ঠ খণ্ড

   :তুমি হৰ্থাতে মোৰ ঘৰত ! আৰু আমাৰ ঘৰৰ ঠিকনাটো কেনেকৈ জানিলা ?
:তোমাক কলেজত নেদেখি চিন্তা হৈছিল । তোমাৰ লগৰ দুজনীক সুধি তোমাৰ ঠিকনা ললো । সিহতেই কলে যে তোমাৰ দেউতাৰ গা বেয়া । তেখেত এতিয়া কেনে আছে ?
:দেউতাৰ গা একেবাৰে বেয়া জয় । মই একেবাৰে ভাগি পৰিছো মাৰ অৱস্থা দেখি । দেউতাতকৈ মাক চাবলৈহে মোৰ বেয়া লাগিছে । চিন্তাত মানুহজনীৰ অৱস্থা বেয়া হৈ গৈছে । তুমি আহিলা ভালেই হল মই অকণমান সকাহ পাম ।
 
      অঞ্জলীৰ অজানিতে মনটো বেয়া লাগি গল । মাক দেউতাকে বৰ কষ্টৰে সিহতক ডাঙৰ দীঘল কৰিছে । দেউতাকে এখন ভেনচাৰ স্কুলত শিক্ষকৰ্তা কৰিছিল । স্কুলখন চৰকাৰী বহুত পলমকৈ হৈছিল । সেই সময়খিনিত মাকে মুগাৰ কাপোৰৰ ব্যৱসায় কৰিছিল , দেউতাকে স্কুলৰ লগতে গাহৰি পুহিছিল । এনেকৈয়ে সিহতক কোনো কষ্ট নোহোৱাকৈ ৰাখিছিল ।
      বায়েকজনী তেনেকুৱা হোৱাৰ বাবে সমস্ত দায়ীত্ব অঞ্জলীৰ ওপৰতেই । এতিয়া যদি দেউতাকৰ কিবা এটা হয় , মাক আৰু আকৰি বায়েকজনী কেনেকৈ থাকিব । তাই আৰু দুবছৰ আছেই কলেজ শেষ হবলৈ । জয়ন্তক লৈ গৈ সকলোৰে লগত চিনাকি কৰাই দিলেগৈ । জয়ন্ত সুদূৰ মৰিগাঁৱৰ পৰা গৈছে তাইৰ খবৰ লবলৈ । সঁচাকৈয়ে দুৰত্ব কেতিয়াও প্ৰেমৰ হেঙাৰ হব নোৱাৰে ।
    সকলোৰে অনুৰুধত সেইদিনা জয়ন্ত অঞ্জলী হঁতৰ ঘৰত থাকিল । পিছদিনা সি উভতিল । সি অঞ্জলীক কোনো চিন্তা নকৰিবলৈ কলে ।
: সকলো মুহূৰ্ততে মই তোমাৰ লগত আছো । এইটো ফোন লোৱা । চিম কাৰ্ড লগোৱা আছে । মোৰ নম্বৰ চেভ আছে কিবা অসুবিধা হলেই ফোন কৰিবা ।
সি তাইক এটা ফোন দিলে । তাই লবলৈ অমান্তি হৈছিল যদিও শেষত লবলৈ বাধ্য হল ।
      জয়ন্ত নিজৰ ঘৰলৈ ঘূৰি আহিল । তাৰ ঘৰত হুলস্থূল । জয়ন্তৰ লগৰ এটালৈ ফোন কৰি দেউতাকে জয়ন্ত অঞ্জলীৰ ঘৰলৈ যোৱা কথাটো গম পালে । ঘৰ গৰম হৈ আছে । দেউতাকে তাক কলে
: এটা বাহ্মণৰ লৰা হৈ এজনী মিচিং ছোৱালীৰ লগত তোৰ কিহৰ ইমান হলি-গলি । বংশৰ নাম ডুবাবলৈ আহিলি কুলাঙ্গাৰ ।
জয়ন্তই একো উত্তৰ নিদিলৈ ।সি নুশুনাৰ ভাও ধৰি ঘৰৰ পৰা উলাই গল ।
       :দেউতা আৰু নাই জয় । মোৰ কি হব এতিয়া । মই কি কৰিম ?
অঞ্জলীৰ ফোন ……………

আগলৈ………

আউসীৰ জোন

আউসীৰ জোন
পঞ্চম খণ্ড

     দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈছিল । জয়ন্ত আছিল অঞ্জলীতকৈ দুবছৰৰ ডাঙৰ । জয়ন্তৰ কলেজৰ শেষ বছৰ আছিল । কলেজৰ কিছুমান স্মৃতি সঁচাকৈয়ে মধুৰ হৈ পৰে । জয়ন্তই কৰা সৰু এটা ধেমালিৰ পৰাই চিনাকিবোৰ লাহে লাহে বুকুত প্ৰেম হৈ শিপাবলৈ ধৰিলে । এতিয়া জয়ন্ত আৰু অঞ্জলীৰ মধুৰ সময় ।ক্লাচ নথকাৰ সময়ত দুয়ো কেণ্টিনত বহে , লাইব্ৰেৰীত কিতাপ পঢ়ে । বন্ধ বাৰ পৰিলে কেতিয়াব সিহত ফুৰিবলৈ ওলাই যায় ।
 : তোমাৰ আকাশখন কেনেকুৱা লাগে অনু ?
: আকাশখন বৰ বিশাল জয় , ঠিক ভালপোৱাবোৰৰ দৰেই , কোনো সীমা নাথাকে ।
:তোমাক লগ পাই মই বৰ সুখী অনু । সদায় মোৰ আশে পাশে মোৰ ছাঁ হৈ থাকিবানে ?
: থাকিম । কিয় নাথাকিম । কিন্তু মোৰ ভয় লাগে জয় ! তুমি হৈছা ব্ৰাহ্মন কূলত জন্ম আৰু মই ……
: সেইবোৰ ভাবি মুৰ গৰম নকৰিবা অনু । যেতিয়ালৈকে মই তোমাৰ লগত আছো এইবোৰ দুচিন্তা কৰি নিজকে কষ্ট নিদিবা ।
  সঁচাকৈয়ে প্ৰেম স্বৰ্গীয় অনুভূতি । প্ৰেম শব্দটোৱে আনি দিয়ে হৃদয়ৰ নিভৃতলৈ এক বুজাব নোৱাৰা শিহৰণ ৷ প্ৰেম সাহসৰ অন্য এক প্ৰতীক ৷ ই হৃদয়ত দুৰ্দমনীয়তাৰ অন্তহীন শিখা জগাই তোলে ৷ হৃদয়ক উদ্বুদ্ধ কৰি তোলে সোঁতৰ বিপৰীতে যাবলৈ ৷ সেইবাবেই অঞ্জলী আৰু জয়ন্তই সমাজৰ কথা নাভাবি ইজনে সিজনক ভাল পাই ।  যিদৰে জোনাকৰ শীতলতাই আলফুলে ধোৱাই তোলে হৃদয়, ঠিক তেনেদৰেই প্ৰেমৰ স্নিগ্ধতাই জোনাকময় কৰি তোলে হৃদয়ৰ চাৰিওদিশ ৷ প্ৰেমেই মানুহক ধৈৰ্যশীল কৰি তোলে৷ কৰি তোলে সহনশীল ৷ আৰু তাৰ লগতে ই হৃদয়লৈ আনি দিয়ে অসীম সৃষ্টিশীলতা; যি সৃষ্টিশীলতাই পৃথিৱীখনক নতুনকৈ চাবলৈ শিকায়; শিকায় হেঁপাহৰ এজাক কুঁহিপতীয়া সপোন ৰচিবলৈ ।
       
        অঞ্জলীৰ দেউতাকৰ বেমাৰ বেছি হৈছে । তাই ঘৰলৈ যাব লগা হল তৎক্ষণাত । জয়ন্তক নোকোৱাকৈয়ে তাই ঢকুৱাখনা আহিব লগা হল । দহমাহ ধৰি কৰ্কত ৰোগত ভূগী থকা দেউতাকৰ অৱস্থা দেখি অঞ্জলী শোকত ভাগি পৰিল । গাৱৰে হাইস্কুলখনৰ মাষ্টৰ আছিল অঞ্জলীৰ দেউতাক । গাওঁখনৰ এজন সন্মানীয় ব্যক্তি ৰূপে পৰিচিত তেওঁ । অঞ্জলীৰ ঘৰত মাক দেউতাক আৰু এজনী বায়েক । বায়েকে মুখেৰে মাতিব নোৱাৰে আৰু কানেৰে নুশুনে । ঘৰখনৰ সমস্ত দায়ীত্ব অঞ্জলীৰ ওপৰতে । দেউতাকৰ খবৰ লবলৈ বহুত মানুহ আহিছে । শকত আৱত মানুহজন অতি ক্ষীপ্ৰতাৰে শুকাই ভয়লগা হৈ পৰিল । চকুকেইতা টলটলকৈ জিলিকি ওলাই পৰিলে । চুলিবোৰ মৰাপাটৰ দৰে বগা হৈ পৰিল । দেউতাকৰ অৱস্থা দেখি অঞ্জলী ভাগি পৰিল ।
‌    পৰীক্ষালৈও বেছি দিন নাই । কলেজত অঞ্জলীক নেদেখি জয়ন্তই অঞ্জলীৰ লগৰ দুজনীও পৰাই তাইৰ বাতৰি ললে । অঞ্জলী হৰ্থাতে ঘৰলৈ যোৱাৰ কথা গম পাই সি চিন্তিত হল ।  তাক নোকোৱাকৈ কিয় যাবলগা হল সেইতো ভাবি তাৰ অশান্তি লাগিবলৈ ধৰিলে ।

‌    পিছদিনা দুপৰীয়া সি বিচাৰি বিচাৰি অঞ্জলীৰ ঘৰ পালেগৈ ।
‌চোতালত জয়ন্তক দেখি তাই আচৰিত হল ।

‌আগলৈ ……

আউসীৰ জোন

আউসীৰ জোন
চতুৰ্থ খণ্ড

    জয়ন্তই তেনেকৈ একেথৰে চাই থকা দেখি অঞ্জলী লাজতে আবেলিৰ হেঙুলী বেলিৰ দৰে ৰঙা হৈ পৰিল । দেহৰ সমস্ত তেজবোৰ যেন গাল দুখনতে স্থিতি ললেহি । জয়ন্তই লাহেকৈ কলে : তোমাক মই আজিহে ভালকৈ দেখিছো । তুমি জানানে কিমান ধুনীয়া ?
লাজে লাজে অঞ্জলীয়ে কলে আমাৰ গ্ৰুপটো মাতিছে , নাচিব হল মই যাওঁ ।
     দৌৰ মাৰিব খোজোতেই জয়ন্তই তাইৰ হাতখন থাপ মাৰি ধৰিলে । তাই উচপ খাই উঠিল । সি কলে : এবাৰ মোক লগ ধৰিবা মিটিং শেষ হলে । তাই হাতখন এচাৰ মাৰি এৰুৱাই দৌৰ মাৰিলে ।
   সিহতৰ ঐণিতমৰ মিঠা সুৰ , বাঁহীৰ স্বৰ আৰু মিচিং গাভৰুৰ গুমৰাগ নৃত্য দেখি সকলো আনন্দত নাচি উঠিল । মিটিঙৰ শেষত জয়ন্ত বাহিৰতে ৰৈ থাকিল অঞ্জলীলৈ । অঞ্জলী ভয়ে লাজে তাৰ ওচৰ চাপিল । জয়ন্তৰ বুকুত থুপ খাই থকা বহুতেই কথা আছিল যদিও  সি একোৱেই কব নোৱাৰিলে । মাথো তাইক মোমায়েকৰ ঘৰৰ ওচৰত  থৈ আহিলগৈ । ঘৰলৈ আহি তাৰ মন নবহা হল , গোল মুখখন , সৰু সৰু চকু দুটাই আমনি কৰি থাকিল । বহুতো কল্পনাই মনৰ ভিতৰতে লুকাভাকু খেলিবলৈ ধৰিলে । কি হৈছে তাৰ ! প্ৰেম নে আশক্তি?  কিয় এনেকুৱা হয় মানুহৰ ! কিয় ভাললগা হৈ পৰে কাৰোবাৰ সংগ । কিয় কাৰোবাৰ দুচকুত নিজৰ সপোনবোৰ ভাহি উঠে অজানিতে ! এয়া কি ? সঁচাকৈয়ে প্ৰেমত পৰিছে  নেকি সি তাইৰ ! না এইতো সম্ভৱ হব নোৱাৰে । সি হৈছে ব্ৰাহ্মণ সম্প্ৰদায়ৰ লৰা , আৰু অঞ্জলী এজনী মিচিং ছোৱালী । তাতে জয়ন্তৰ দেউতাক এজন নাম থকা ৰাজনীতিবিদ । বহুত সন্মান আছে তেওঁৰ সমাজত । কথাবোৰ ভাবি ভাবি জয়ন্তৰ হুমুনিয়া এটা অজানিতেই বাগৰি আহিল বুকুৱেদি । এই উচ্চ নিম্ন জাতক লৈ কোনে যে এখন দেৱাল গাঠি গল । পৃথিৱীত সকলো মানুহেই তেজ মঙহেৰে গঠিত । কোনোজন এনে মানুহ নাই; যাৰ তেজ ৰঙা নহয় । তথাপি এই জাত কুলৰ যুদ্ধখন কিয় ! সি বৰ কষ্টৰে টোপনি গল ।
         অঞ্জলীৰো একে অৱস্থা । জয়ন্তৰ সেই এপলক সজল চাৱনিয়ে তাইৰ কলিজাৰ কোণতো বিজুলী প্ৰৱাহৰ সৃষ্টি কৰিলে । জয়ন্তই ধৰা হাতখনকে বাৰে বাৰে চাই মোহাৰি থাকিল । মনত বহুতো প্ৰশ্ন তাইৰো । কিয় সি তাইক তেনেকৈ একেথৰে উন্মাদৰ দৰে চাই আছিল ! কি কব বিচাৰিছিল সি তাইক ! প্ৰেম এনেকৈয়ে আহে নেকি ; বাৰিষাৰ বানৰ দৰে কোনো আগজাননী নিদিয়াকৈ । বানে যিদৰে এক মুহূৰ্ততে সকলো থানবান কৰি দিয়ে প্ৰেমৰ অনুভবো ঠিক তেনেকুৱাই । পৰিপাতি হৈ থকা হৃদয়খন বিশৃংখল কৰি দিয়ে তৎক্ষণাত ।  অঞ্জলীয়ো কল্পনাৰ ঢৌৰ সৈতে উটি উটি নিদ্ৰাদেবীৰ কোলাত আশ্ৰয় ললে ।
 

আগলৈ…………

আউসীৰ জোন

আউসীৰ জোন
তৃতীয় খণ্ড

    পিছদিনা অঞ্জলী কলেজলৈ নগল, ঘৰতে থাকিল । জয়ন্তই তাইক কলেজত বিচাৰি ফুৰিলে । তাৰ অপৰাধী অপৰাধী অনুভৱ হল । তাৰ পিছদিনা অঞ্জলী কলেজ আহিল । আজি তাই কাকো একো নুসুধিলে নিজে নিজে ক্লাছৰুম বিচাৰি ললে । প্ৰথম দুটা ক্লাছ শেষ কৰি অঞ্জলী খাবলৈ বুলি কেণ্টিনলৈ গল । যিহেতু কলেজৰ প্ৰথম দুটা দিন হৈছেহে , কোনো এনেকুৱা ভাল বান্ধবী হোৱা নাই যাৰ সৈতে সময় অতিবাহিত কৰিব পাৰি । সেয়েহে তাই অকলশৰেই আছে ।
     জয়ন্তৰ আগদিনাৰে পৰা তাইক বিচাৰি বিচাৰি অৱস্থা বেয়া হৈ গৈছে । অৱশেষত তাইক দেখি মনত অলপ সকাহ পালে । বুকুত সাহস বান্ধি সি তাইৰ ওচৰলৈ আহিলে আৰু লগতে বহিবলৈ অনুমতি বিচাৰিলে । অঞ্জলীয়ে সন্মতি দিয়াত জয়ন্ত তাইৰ লগতে বহিল । সি পুনৰ তাইক ক্ষমা বিচাৰিলে । তাই জনালে যে তাই সেইবোৰ কথা ধৰি থকা নাই । পুনৰ কোনো ছোৱালীৰ লগত এনেকুৱা ধেমালি নকৰিবলৈ অনুৰুধ কৰিলে ।
         সিহতে তেতিয়ালৈকে ইজনে সিজনৰ নামেই জনা নাছিল । জয়ন্তই চিনাকি দিলে : মই জয়ন্ত শৰ্মা । মৰিগাৱৰ। তোমাৰ নামটো জনাবা নেকি যদি বেয়া নোপোৱা ।
: মই অঞ্জলী । অঞ্জলী পেগু । মোৰ  ঘৰ লখিমপুৰৰ ঢকুৱাখনাত । ইয়াত মামা ঘৰত থাকি পঢ়িছো ।
: বাঃ ইমান সুন্দৰ ঠাইত তোমাৰ ঘৰ । ফাট বিহু তোমালোকৰ তাতে নহয় জানো ? মোৰ যাবলৈ বৰ মন আছে । কেতিয়াবা সুবিধা মিলিলে যাব লাগিব ।
: নিশ্চয় যাব কেতিয়াবা । ভাল লাগে বহুতেই । বহুতো আঁতৰৰ মানুহৰ সমাগম হয় ফাট বিহুত ।  ফাটবিহু  ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ ‘ফাট’ ম’হঘূলি চাপৰিত ষোল্ল শতিকাৰ পৰাই অনুষ্ঠিত হৈ অহা বিহু ।  ফাটবিহু; নাম শুনিলেই যেন আমাৰ ঢকুৱাখনীয়াৰ মুখত হাঁহি বিৰিঙি উঠে ; আনন্দৰ জোৱাৰ উঠে মনত ।
: তোমাৰ মুখত ফাট বিহু আৰু ঢকুৱাখনাৰ কথা শুনি মোৰ আজিয়েই যাবলৈ মন গৈছে । মই শুনিছো তোমালোকৰ সেইফালৰ বাসুদেৱ থানৰ কথা । আৰু খৰালি পথাৰৰ হালধীয়া সৰিয়হ ফুলৰ দলিচাৰ কথা । কেতিয়াবা তোমাৰ লগতে যাম । নিবানে মোক ?
: কিয় নিনিম নিম । ওলাব এইবাৰ ফাট বিহুতে ।
      এনেকৈয়ে অচিনাকীবোৰ চিনাকি হয় । বেয়া লগাবোৰো ভাললগা হয় লাহে লাহে । দুদিন আগতে যি ঘটনা হৈছিল , কোনে কব পাৰিছিল যে আজি সিহতে ইমান সহজভাবে কথা পাতিব বুলি । প্ৰায় এক ডেৰঘণ্টা সময় সিহত কেণ্টিনতে থাকিল  । অঞ্জলী নিজৰ ক্লাছলৈ বুলি আহিল । মনত থকা আক্ষেপবোৰ কথাৰ মাজতে উটি গল ।
  কলেজীয়া দিনবোৰ আজিকালি অঞ্জলীৰ ভাল লগা হল । জয়ন্তৰ লগতে দুজনীমান ভাল বান্ধৱীও হল । কলেজৰ ফ্ৰেচাৰ্ছৰ প্ৰস্তুতি বৰ সুন্দৰকৈ চলিছে । নতুনকৈ অহা মিচিং ছাত্ৰ ছাত্ৰী সকলে মিলি গুমৰাগ নচাৰ কথা পাতিছে ।
এইকেইদিন ক্লাছবোৰ ভালকৈ হোৱা নাই , সকলো ফ্ৰেচাৰ্ছৰ প্ৰস্তুতিত ব্যস্ত ।
     ফ্ৰেচাৰ্ছৰ দিনা অঞ্জলীয়ে পৰম্পৰাগত মিচিং সাজপাৰ পিন্ধি আহিলে ।   কঁকালত ৰঙা এগে (মেখেলা)পিন্ধি বুকুত বগা মেঠনি মাৰিলে । গাত ৰঙা গালুগ (চোলা) পৰিধান কৰিলে। মেখেলাৰ ওপৰত এখন বাছকবনীয়া ৰঙা চাদৰ মেৰাই ললে । ৰঙীন ঊন সূতাৰে তৈয়াৰী ফুল দুমপ্‌ন আৰু লাক্‌পুন ব্যৱহাৰ কৰিলে  (কানফুলি) ।
      অঞ্জলীক দেখি সেইদিনা বহুতৰে বুকুত অজানিতেই অচিনাকী সুৰ এটাই গুণগুনাইছিল । ঢকঢককৈ বগা মুখখন, সৰু সৰু এহাল চকু , চুটি গোল নাকটো । সঁচাকৈয়ে তাই হৈ পৰিছিল সেইদিনা অপ্সৰা সদৃশ । জয়ন্তই তাইক দেখি মাথো মুখ মেলি ভেবা লাগি চাই থাকিল ।

আগলৈ…………………

আউসীৰ জোন

আউসীৰ জোন
দ্বিতীয় খণ্ড
পাচ বছৰৰ আগৰ কথাৰে………

      কলেজত নতুনকৈ এডম্যিচন আৰম্ভ হৈছে । অঞ্জলি বি:এ: ফাষ্ট ইয়েৰৰ ছাত্ৰী । কলেজৰ প্ৰথম দিন । নিজৰ ৰুম চিনি নাপাই উপায়ন্তৰ হৈ তাই ঘূৰি ফুৰিছে । কাৰোবাক সুধিবলৈ তাইৰ সাহস নাই । বেছি কথা বতৰা নপতা ছোৱালী অঞ্জলী । তাই গৈ গৈ কেণ্টিনৰ ওচৰ পালেগৈ আৰু থমকি ৰল । ঠিক সেই সময়তে চিনিয়ৰ লৰা অম্লান আৰু জয়ন্ত আহিল । অঞ্জলীৰ চন্দ্ৰমাৰ দৰে উজ্বল মুখখন দেখি জয়ন্ত মোহিত হৈ পৰিল । জয়ন্ত বৰ অঘাইটং লৰাটো । সি তাইৰ ওচৰলৈ আহি প্ৰশ্ন কৰিলে : তুমি নতুনকৈ আহিছা ?
তাই ভয়ে ভয়ে উত্তৰ দিলে : হয় । ৰুমটো বিচাৰি পোৱা নাই ।
: কোন ইয়েৰৰ তুমি ? হায়াৰ চেকেণ্ডেৰী নে বি:এ:?
: বি:এ: ফাষ্ট ইয়েৰ ।
: তুমি আগলৈ গৈ সোফালে সোমাই তিনি নম্নৰৰ ৰুমটোতে সোমাবা সেইটোৱেই বি:এ: ফাষ্টইয়েৰৰ ৰুম।
: ঠেঙ্ক ইউ ।
      সিহতৰ কথামতে অঞ্জলী সেই ৰুমটো পালেগে আৰু বহি থাকিল । কিছু সময়ৰ পাছত এগৰাকী অধ্যাপিকা আহিল আৰু ৰেজিষ্টাৰখন মেলি এজন এজনকৈ ছাত্ৰ ছাত্ৰীবোৰৰ নামৰ লগতে ৰোল নাম্বাৰবোৰ কৈ গল । কিন্তু অঞ্জলীৰ নামটো নোলালে । তাই ভয়ে ভয়ে ঠিয় হৈ কলে : মোৰ ৰোল নম্বৰটো কব নেকি ? মোৰ নাম অঞ্জলী পেগু । কিন্তু  অঞ্জলী পেগু নামৰ কোনো ছাত্ৰীৰে নাম ৰেজিষ্টাৰত এণ্ট্ৰী নাছিল । অঞ্জলীক অধ্যাপিকা গৰাকীয়ে কোন ইয়েৰৰ ষ্টুডেণ্ট প্ৰশ্ন কৰিলত তাই বি:এ: ফাষ্ট ইয়েৰ বুলি কলে । সকলো ছাত্ৰ ছাত্ৰীয়ে গিৰ্জনী মাৰি হাঁহি উঠিল । তাই পকা সুমথিৰা যেন মুখখন লাজতে ৰঙা পৰি গল । অধ্যাপিকা গৰাকীয়ে কলে যে সেইটো হায়াৰ চেকেণ্ডাৰী ফাষ্ট ইয়েৰৰ ৰুম । বি:এ: ফাষ্ট ইয়েৰৰ ৰুম চেকেণ্ড ফ্ল'ৰত আছে । তাই ইমানেই সহজ ছোৱালী আছিল যে তাই ক্লাছৰুমৰ ওপৰলৈও নাচালে যত লিখা আছিল  H. S 1st  yera বুলি ।
        লাাজে অপমানে তাই তাৰ পৰা ওলাই আহিল আৰু উচুপি উচুপি বহি থাকিল । জয়ন্ত সেইফালে আহিয়েই তাইক দেখিলে । সি তাইৰ ওচৰলৈ আহিলে আৰু কলে I am sorry. আমি তোমাৰ লগত অলপ ধেমালি কৰিছিলো , বেয়া নাপাবা ।
কেনেকৈ !
: কেনেকৈ আপোনালোকে এনেদৰে এজনী ছোৱালীৰ সৰলতাৰ লাভ উঠাব পাৰে । চি চি মোৰ লাজ লাগিছে নিজৰ ওপৰতেই । এইখিনি কথা কৈয়েই অঞ্জলী কলেজৰ পৰা গুছি আহিল ।

আগলৈ…………

আউসীৰ জোন

আউসীৰ জোন

প্ৰথম খণ্ড

এন্ধাৰ কোঠালিটোত একমাত্ৰ বন্দনা শুই আছে । তেতিয়া নিশা বাৰটা মান বাজিছে । সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া আজি । ঘৰৰ আটাইবোৰ তালৈ গৈছে । কিন্তু বন্দনাৰ কাইলৈৰ পৰা পৰীক্ষা আৰম্ভ হব । সেয়েহে তাই নগল । অকলশৰে থাকিবলৈ ভয়ৰ কাৰণ নাই , সিহতৰ কাষতে খুড়াকৰ ঘৰ । এঘাৰ মান বজালৈকে খুড়াকৰ ঘৰতে পঢ়ি তাই শুবলৈ বুলি নিজৰ ঘৰলৈ আহিল ।
         বিচনা ঠিক ঠাক কৰি তাই পৰিছে । দিনটো অকলশৰে কাম বন কৰি থকাৰ বাবে ভাগৰৰ লগতে টোপনিয়েও আমনি কৰিছে । বন্দনাই চকুহাল জপাই দিলে । চিলমিলকৈ টোপনি আহিছিলহে তাইৰ , হৰ্থাতে কাষৰ কোঠালিত থকা টিভিৰ শব্দ শুনি একে জাপে উঠিল । বন্ধ কৰি থোৱা টিভিটো কেনেকৈ নিজে নিজে লাগিল তাই ভাবিলে । কিন্তু যেতিয়া তাই উমান ললে তেতিয়া কোনো টিভিৰ মাত নুশুনিল । তাই টোপনিৰ চকামকাত ভ্ৰম হোৱা বুলি পুনৰ শুবলৈ চেষ্টা কৰিলে । কিন্তু এইবাৰো টিভিৰ শব্দ শুনি তাই জাপ মাৰি এ?উঠিল আৰু বিচনাত বহি ললে । এবাৰ বন্ধ হৈ পুনৰ টিভি চলিবলৈ ধৰিলে । বন্দনা ভয়তে কপিবলৈ ধৰিলে । হৰ্থাতে তাইৰ কোঠালিৰ লাইটতো এবাৰ জ্বলি নুমাই থাকিল । এবাৰ দুবাৰকৈ দহবাৰমান জ্বলি লাইটতো ফুটি থাকিল আৰু কোঠালিটোত এন্ধাৰে চানি ধৰিলে । তাই চিঞৰিবলৈ চেষ্টা কৰিছে কিন্তু মুখৰ পৰা মাত নুলাই । দৌৰি গৈ দৰ্জাখন খুলিবলৈ লওতেই বাহিৰৰ পৰা দুৱাৰখন আপোনা আপুনি বন্ধ হৈ গল । ভয়তে বন্দনা দুৱাৰৰ চুকতে বহি দিলে । তাই আতংকিত হৈ পৰিল ।
     কিছু সময়ৰ নিৰবতা ভঙ্গ কৰি কাৰোবাৰ কান্দোনৰ স্বৰ শুনি বন্দনা আৰু বেছি আতংকিত হল । তাই ভয়তে কান্দিবলৈ ধৰিলে । তাইৰ লগতে কোনো অদৃশ্য নাৰীৰ কান্দোনে কোঠালিটো এক ভয়ানক পৰিবেশৰ সৃষ্টি কৰিলে । বন্দনাই বুকুত সাহস গোটাই চিঞৰি প্ৰশ্ন কৰিলে
 : কো…কো…… কোন ?
কোন  কোন ?
তাইৰ প্ৰশ্ন কৰাত অদৃশ্য নাৰী স্বৰে আৰু জোৰে জোৰে কান্দিবলৈ ধৰিলে ।
বন্দনাই আকৌ প্ৰশ্ন কৰিলে
:  কোন তুমি , এনেকৈ কিয় কান্দিছা ? আৰু মোৰ পৰা কি লাগে তোমাক ? এইবাৰ এন্ধাৰৰ আচ্ছাদন ফালি এক নাৰী মূৰ্তিৰ আবিৰ্ভাৱ হল । দীঘল আউলি বাউলি চুলি মেলি বগা শাৰী পৰিধান কৰা এগৰাকী মহিলা । চকুত দপদপকৈ যেন জ্বলি আছে একুৰা জুই । মানুহজনীৰ ডিঙিত কলা পৰা এটা দাগ ।
‌   বন্দনাই ভয়ে ভয়ে কান্দি কান্দিয়েই প্ৰশ্ন কৰিলে তুমি কোন, কিয় আহিছা মোৰ ওচৰলৈ , কি লাগে তোমাক মোৰ পৰা ? তেতিয়া সেই নাৰীমূৰ্তিটোৱে বন্দনাক কলে যে
‌:মোক তুমিয়েই মুক্তি দিব পাৰিবা । মোৰ নাম অঞ্জলী ।



‌আগলৈ…………